অসম

assam

অৰুণাচল প্ৰদেশত কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 2:01 PM IST

অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলা বেডমিণ্টন সংস্থাৰ উদ্যোগত ১১ সংখ্যক কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৩ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

Pake Kesang District Badminton Association
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডু

চতিয়া, ৩ ডিচেম্বৰ :অৰুণাচল প্ৰদেশৰ চাৰিখন জিলা ক্ৰমে টাৱাং, ইষ্ট কামেং, ওৱেষ্ট কামেং আৰু পাকে কেচাং জিলাৰ বেডমিণ্টন এছোচিয়েচনে একত্ৰিতভাৱে কামেং বেডমিণ্টন চেম্পিয়নশ্বিপ নামকৰণৰে প্ৰতি বছৰে বিভিন্ন ঠাইত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বছৰো পাকে কেচাং জিলা বেডমিণ্টন এছোচিয়েচনৰ সহযোগত শনিবাৰৰ পৰা জিলাখনৰ অন্তৰ্গত চিজুছাত ১১ সংখ্যক বৃহত্তৰ কামেং বেডমিণ্টন চেম্পিয়নশ্বিপৰ প্ৰতিযোগিতা আৰম্ভ হয় ।

চিজুছাস্থিত পাকে ফেস্টিভেল গ্ৰাউণ্ডত নতুনকৈ নিৰ্মিত ইনডোৰ ষ্টেডিয়ামত আৰম্ভ হোৱা বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনিত উক্ত চাৰিওখন জিলাৰ নটাকৈ প্ৰতিযোগী দলে অংশগ্রহণ কৰিছে । কালি পুৱা আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজিত কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্রী পেমা খাণ্ডুয়ে কয় যে বৰ্তমান তেওঁৰ নেতৃত্বত ৰাজ্যত শাসনাধিস্থ চৰকাৰখনে যুৱক -যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰহী কৰিবলৈ ৰাজ্যখনৰ খেলুৱৈ সকলক বহুতো সা-সুবিধা প্ৰদান কৰিছে । লগতে তেওঁ কয় ," ২০১৪ চনৰ পূৰ্বে অৰুণাচল খেলৰ ক্ষেত্রত বহুত পিছ পৰি আছিল, কিন্তু আজি আমাৰ খেলুৱৈসকল ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক খেলত ভাল খেল প্ৰদৰ্শন কৰি পদক আনিবলৈ সক্ষম হৈছে । "

তেওঁ পুনৰ কয় যে বৰ্তমান ক্ৰীড়া ক্ষেত্রখনত অৰুণাচল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে মণিপুৰ আৰু অসমৰ পিছতে অৰ্থাৎ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেওঁ লগতে কয় যে অহা বছৰ সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ দৰে প্ৰতিযোগিতাও ইটানগৰত অনুষ্ঠিত হ'ব । উদ্বোধন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মন্ত্রী মামা নাতুংয়ে কয় যে খেলৰ জৰিয়তে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় হয় । বেলেগ বেলেগ চাৰিওখন জিলা হ'লেও জিলা কেইখনৰ যুৱকসকল একত্রিত হৈ এনে ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে যুৱক সকলক ধন্যবাদ জ্ঞাপন কৰে । ইপিনে, মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু মন্ত্রী মামা নাটুঙে নতুনকৈ নিৰ্মিত ইনডোৰ ষ্টেডিয়ামখন মুকলি কৰে ।

লগতে পঢ়ক:ডব্লিউপিএলৰ ২০২৪ ছিজনৰ নিলামৰ বাবে ১৬৫ খেলুৱৈৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details