অসম

assam

Vice Presidential Polls 2022: উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ’ল জগদ্বীপ ধানখাড়

By

Published : Aug 6, 2022, 7:46 PM IST

Jagdeep Dhankhar new Vice Presidentof India

বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ সমন্বিত প্ৰাৰ্থী জগদ্বীপ ধানখাড়ে বিৰোধী দলৰ মনোনীত জ্যেষ্ঠা কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভা পৰাস্ত কৰি দেশৰ উপ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় (Jagdeep Dhankhar new Vice Presidentof India)। জগদ্বীপ ধানখাড়ে লাভ কৰা ভোটৰ সংখ্যা হৈছে 528 টা ।

নেশ্যনেল ডেস্ক, 6 আগষ্ট: দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি হিচাবে ৰাইচিনা দখল এন ডি এৰ প্ৰাৰ্থী জগদ্বীপ ধানখাড় (Jagdeep Dhankhar new Vice President of India) ৷ 528 টা ভোট লাভ কৰি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী তথা জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি শেষ হাঁহি মাৰিলে ধানখাড়ে ৷ শনিবাৰে ঘোষণা কৰা হ’ল উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল (Vice Presidential Polls 2022) ৷

দেশৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী উপ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আজি দিনৰ 10 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছিল ৷ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ বাবে দুগৰাকী শাসকীয় এন ডি এৰ পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল জগদ্বীপ ধানখাড় আৰু উমৈহতীয়া প্ৰাৰ্থী হিচাপে জ্যেষ্ঠা কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাই প্ৰতিদ্বন্দিতা আগবঢ়াই ৷ এই উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভাৰ 543 গৰাকী নিৰ্বাচিত আৰু দুগৰাকী মনোনীত সদস্যৰ লগতে ৰাজ্যসভাৰ 233 গৰাকী নিৰ্বাচিত আৰু 12 গৰাকী মনোনীত সদস্যই ভোটদান কৰে ৷

সন্ধিয়া 5 বজালৈকে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰাৰ পিছতেই ভোট গণনা অনুষ্ঠিত হয় ৷ অহা 11 আগষ্টত কাৰ্যকাল সমাপ্ত হ’ব বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ৷ উপ ৰাষ্ট্ৰগৰাকীয়ে অহা 11 আগষ্টত শপত গ্ৰহণ কৰিব ৷

লগতে পঢ়ক:Presidential Election : ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল দ্ৰৌপদী মূৰ্মু

ABOUT THE AUTHOR

...view details