ETV Bharat / bharat

16 বছৰৰ তলৰ শিক্ষাৰ্থীক কৰিব নোৱাৰিব টিউশ্যন: বন্ধ হোৱাৰ দিশে 40 হাজাৰোধিক টিউশ্যন কেন্দ্ৰ - BAN ON COACHING UNDER 16 YEAR CHILD

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:52 PM IST

BAN ON COACHING UNDER 16 YEAR CHILD
16 বছৰৰ তলৰ শিক্ষাৰ্থীক কৰিব নোৱাৰিব টিউশ্যন

16 বছৰৰ তলৰ শিক্ষাৰ্থীক প্ৰদান কৰিব নোৱাৰিব টিউশ্যন ৷ য’তে-ত’তে খুলিব নোৱাৰিব টিউশ্যন কেন্দ্ৰ ৷ উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা ৷

নিউজ ডেস্ক, 28 এপ্ৰিল : ৰাজ্যখনৰ উচ্চ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক কঠোৰ পদক্ষেপ ৷ এতিয়াৰে পৰা 16 বছৰৰ তলৰ শিক্ষাৰ্থীক প্ৰদান কৰিব নোৱাৰিব টিউশ্যন ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ পিচত শিক্ষা বিভাগে লোৱা কঠোৰ সিদ্ধান্ত অনুসৰি শীঘ্ৰেই বন্ধ কৰা কৰা হ’ব ৰাজ্যখনৰ 40 হাজাৰোধিক তেনে টিউশ্যন কেন্দ্ৰ ৷

কেৱল সিমানেই নহয় 16 বছৰৰ ওপৰৰ শিক্ষাৰ্থীক প্ৰদান কৰা টিউশ্যনৰ ক্ষেত্ৰতো শীঘ্ৰেই কেতবোৰ ক্ষেত্ৰত কঠোৰ হ’ব শিক্ষা বিভাগ ৷ খবৰ অনুসৰি বহুতো টিউশ্যন কেন্দ্ৰই মাচুল আদায়ৰ ক্ষেত্ৰত স্বেচ্ছাচাৰিতা অৱলম্বন কৰি আহিছে । এনে পৰিস্থিতিত উচ্চ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি তেনে প্ৰতিষ্ঠানসমূহে শিক্ষাৰ্থীসকলৰ পৰা বুজন পৰিমানৰ মাচুল আদায় কৰিব নোৱাৰিব । যদিহে তেওঁলোকে এনে কৰে, তেন্তে কাৰাগাৰৰ শাস্তিৰ সন্মুখীনো হ’বলগীয়া হ’ব পাৰে ৷ এই ক্ষেত্ৰত এক নতুন নিৰ্দেশনা জাৰি কৰিব শিক্ষা বিভাগে ৷

তদুপৰি এতিয়াৰে পৰা বাধ্যতামূলক হ’ল পঞ্জীয়ন ৷ যধে-মধে, য’তে-ত’তে, পথৰ দাঁতিত টিউশ্যন কেন্দ্ৰ খোলাটো নহ’ব সম্ভৱ ৷ যাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে ৷ তদুপৰি প্ৰতিষ্ঠানটোৱে জুই আৰু ভূমিকম্পৰ দৰে দুৰ্যোগৰ পৰা ৰক্ষা পৰাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব । কেৱল এয়াই নহয়, স্নাতকতকৈ কম শিক্ষিত কোনো ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব নোৱাৰিব । তদুপৰি টিউটৰগৰাকীৰ কোনো অপৰাধমূলক ৰেকৰ্ড থাকিব নালাগিব । তাতোকৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো হ’ল যে শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ১০০ শতাংশ গ্যেৰাণ্টিৰ দৰে কোনো বিভ্ৰান্তিকৰ বিজ্ঞাপন দিবও নোৱাৰিব ।

উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি পাঠ্যক্ৰমৰ ম্যাদৰ ভিতৰত মাচুল বৃদ্ধি কৰিব নোৱাৰিব । যদি এগৰাকী শিক্ষাৰ্থীয়ে সম্পূৰ্ণ মাচুল পৰিশোধ কৰাৰ পিচত নিৰ্দিষ্ট কেন্দ্ৰটোৰ পৰা আঁতৰাৰ বাবে আবেদন কৰে, তেনেহ'লে পাঠ্যক্ৰমৰ বাকী সময়ৰ বাবে ধন প্ৰতিষ্ঠানটোৱে ঘূৰাই দিব লাগিব । ধন ঘূৰাই দিয়াত হোষ্টেল আৰু মেছৰ মাচুলো অন্তৰ্ভুক্ত থাকিব ৷

উল্লেখ্য যে এই নিৰ্দেশনা জাৰি কৰিছে মধ্য প্ৰদেশৰ উচ্চ শিক্ষা বিভাগে ৷

লগতে পঢ়ক: মাত্ৰ এটা মাৰ্বল শিলতে খোদিত ১৮.৫ ফুট উচ্চতাৰ কালী মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.