ETV Bharat / bharat

নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে; কাৰণ দেখুওৱাৰ জাননী জাৰি - Lok Sabha Election 2024

author img

By ANI

Published : Apr 29, 2024, 9:49 AM IST

Lok Sabha Election 2024
নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে; কাৰণ দেখুওৱাৰ জাননী জাৰি

MCC violation in Tripura LS Election: নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ বিজেপি বিধায়কৰ বিৰুদ্ধে ৷ ত্ৰিপুৰাৰ বিধায়ক যাদৱ লাল নাথৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ সহকাৰী ৰিটাৰ্নিং বিষয়াই বিধায়কগৰাকীক জাৰি কৰিছে কাৰণ দেখুওৱাৰ জাননী ৷ নির্বাচনী বিষয়াক চৰ মৰাৰ অভিযোগত এজাহাৰ ৰুজু আন এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে ৷

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল: বিজেপি বিধায়কৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্তৰ ত্ৰিপুৰা জিলাৰ সহকাৰী ৰিটাৰ্নিং বিষয়া ৷ নিৰ্বাচনৰ দিনটোতেই নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰি বিজেপিৰ বিধায়ক যাদৱ লাল নাথক কাৰণ দেখুওৱাৰ জাননী জাৰি কৰিছে সহকাৰী ৰিটাৰ্নিং বিষয়াগৰাকীয়ে ।

উত্তৰ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত বাগবাছা বিধানসভা সমষ্টিৰ বিধায়ক নাথ । 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত সংঘটিত হোৱা এক ঘটনা সন্দৰ্ভত এই জাননীখন জাৰি কৰা হৈছে । তেওঁৰ বিধানসভা সমষ্টিটো পূব ত্ৰিপুৰা সংসদীয় আসনৰ অন্তৰ্গত য’ৰ পৰা টিপ্ৰা মোথাৰ প্ৰতিষ্ঠাপক প্ৰদ্যুৎ কিশোৰ দেববৰ্মনৰ জ্যেষ্ঠ ভগ্নী কৃতি দেৱী সিঙে বিজেপি দলৰ পৰা টিকট লাভ কৰিছিল ।

জানিব পৰা মতে, বিজেপি বিধায়কগৰাকীয়ে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰি ভোটাৰৰ হেল্প ডেস্কৰ তত্বাৱধানৰ দায়িত্ব দিয়া বুথ লেভেল কৰ্মীজনৰ লগত অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে । মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিতো এই ঘটনা বাগবাছাৰ 22 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে বুলি উল্লেখ কৰিছে ।

ইফালে, নির্বাচনৰ দিনা ভোটাৰৰ সমুখতে নির্বাচনী বিষয়া এজনক চৰ মৰাৰ অভিযোগত বিজেপি নেতা কাজল দাসৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে ৷ কদমতলা থানাত এজাহাৰ দাখিল কৰে উত্তৰ ত্ৰিপুৰা জিলাৰ সহকাৰী পৰ্যালোচনা বিষয়াই । এক প্ৰেছ বিবৃতি অনুসৰি কাজল দাস আৰু তেওঁৰ সহযোগীসকলে 22 নং বুথৰ প্ৰিজাইডিং বিষয়াক ভোট কেন্দ্ৰত ভোটাৰ ৰাইজৰ চকুৰ সমুখতে শাৰীৰিক নিৰ্যাতন চলায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰেছ বিবৃতিটোত আৰু কোৱা হৈছে যে উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত তদন্ত প্ৰক্ৰিয়াটো দ্ৰুতগতিত সমাপ্ত কৰিবলৈ বিশেষ তদন্তকাৰী দল গঠন কৰা হয় । ইয়াৰ উপৰিও নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ বাবে কৃষি সহায়ক সুশংকৰ দেৱনাথক সাময়িকভাৱে নিলম্বন কৰা হৈছে । খবৰ অনুসৰি তেওঁ কিছুমান চৰকাৰী হোৱাটছএপ গ্ৰুপত এটা ৰাজনৈতিক দলৰ পক্ষত ছ’চিয়েল মিডিয়াত কিছু পোষ্ট দিছিল ।

লগতে পঢ়ক: নিৰ্বাচনী বিধি উলংঘা কৰি ত্ৰিপুৰাত নিলম্বিত 26 জন নিৰ্বাচনী বিষয়া, 1700 ভোটাৰৰ ভোট বৰ্জন - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.