অসম

assam

IT raids in Chennai: তিনি চলচ্চিত্ৰ প্ৰযোজকৰ ঘৰ-প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

By

Published : Aug 2, 2022, 3:16 PM IST

IT raids

আয়কৰ বিভাগে মঙলবাৰে চলচ্চিত্ৰ প্ৰযোজক আনবু চেঝিয়ান, কলাইপুলি এছ থানু আৰু এছ আৰ প্ৰভুৰ ঘৰ আৰু কাৰ্যালয়ত চলাই অভিযান ( Income Tax department raid)। ১০টা ভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে আয়কৰ বিভাগে ৷

নেশ্যনেল ডেস্ক,2 আগষ্ট: মঙলবাৰে আয়কৰ বিভাগে চেন্নাইৰ কামদাৰ নগৰৰ নুংগামপকমস্থিত চলচ্চিত্ৰ প্ৰযোজক আনবু চেঝিয়ানৰ বাসগৃহত অভিযান চলায়। ‘গোপুৰম ফিল্মছ’ৰ বেনাৰত মুক্তি পাই আহিছে চলচ্চিত্ৰ প্ৰযোজকগৰাকীৰ ছবিসমূহ(IT raids) । তদুপৰি চেন্নাইৰ টি নগৰত অৱস্থিত আনবু চেঝিয়ানৰ গোপুৰম ফিল্মছৰ কাৰ্যালয়কে ধৰি ১০টা ভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে আয়কৰ বিভাগে । চেন্নাইস্থিত চলচ্চিত্ৰ প্ৰযোজক কলাইপুলি এছ থানুৰ টি নগৰ কাৰ্যালয় আৰু চলচ্চিত্ৰ প্ৰযোজক এছ আৰ প্ৰভুৰ টেয়নামপেটৰ বাসগৃহতো আই টি বিভাগে অভিযান চলাই থকাৰ কথা সূত্ৰসমূহে প্ৰকাশ কৰিছে ।

ইয়াৰ পূৰ্বে ২০২০ চনত আই টি বিভাগে আনবু চেঝিয়ানৰ চৌহদত অভিযান চলাই অভিনেতা বিজয় অভিনীত ‘বিজিল’ ছবিখনৰ সৈতে জড়িত ৬৫ কোটি টকাৰ লগতে কিছু গুৰুত্বপূৰ্ণ নথি জব্দ কৰিছিল(IT department raided the premises of Anbu Chezhiyan and seized Rs 65 crore) । ২০১৭ চনত তামিল অভিনেতা শশী কুমাৰৰ আত্মীয় অশোক কুমাৰে আত্মহত্যাৰ দৰে চূড়ান্ত পন্থা গ্ৰহণ কৰিছিল আৰু এৰি থৈ গৈছিল এখন ছুইচাইড নোট,য’ত আনবু চেঝিয়ানৰ বাবেই তেওঁ চৰম পন্থাৰ আশ্ৰয় লবলগীয়া হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল । কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আনবু চেঝিয়ানক জেৰা কৰে ।

পৰৱৰ্তী সময়ত আয়কৰ বিভাগে 'ভি ক্ৰিয়েচন'ৰ বেনাৰত ছবি মুক্তি দিয়া তামিল চলচ্চিত্ৰ প্ৰযোজক কলাইপুলি থানুৰ কাৰ্যালয়তো তালাচী চলায় । চেন্নাইৰ টি নগৰৰ প্ৰকাশম ৰোডস্থিত কলাইপুলি থানুৰ কাৰ্যালয়তো অভিযান ৰাখিছে আয়কৰ বিভাগে । কাৰথি অভিনীত ‘ধীৰণ আথিকাৰাম’ ‘কৈধি’ আৰু ‘চুলতান’ আদি ছবি নিৰ্মাণকাৰী প্ৰতিষ্ঠান 'ড্ৰীম ৱাৰিৱৰ পিকচাৰ'ৰ প্ৰযোজক কলাইপুলি থানুৱে আয়কৰ বিভাগৰ জেৰাৰ মুখামুখি হবলগীয়া হৈ আহিছে ৷

লগতে পঢ়ক: লকাৰৰ ধন গণনা কৰিবলৈ SBI ৰ কৰ্মচাৰীৰ সহায় ল'লে আয়কৰ বিভাগে

ABOUT THE AUTHOR

...view details