লকাৰৰ ধন গণনা কৰিবলৈ SBI ৰ কৰ্মচাৰীৰ সহায় ল'লে আয়কৰ বিভাগে

author img

By

Published : Oct 12, 2021, 1:26 PM IST

IT officials take SBI employees' help to count cash in Hetero Drugs' lockers

হায়দৰাবাদ(Hyderabad)ৰ আমিৰপেটস্থিত ঔষধ কোম্পানী হেটেৰ'(Hetero) ফাৰ্মাচিউটিকেলত আয়কৰ বিভাগ(Income tax)ৰ অভিযানত জব্দ ৪০টা লকাৰ । এতিয়ালৈকে মাত্ৰ ১৬ টা লকাৰহে খুলিব পৰা গৈছে । লকাৰৰ ধন গণনা কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ সহায় লৈছে আয়কৰ বিভাগৰ বিষয়াই ।

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : আয়কৰ বিভাগৰ অভিযানত পোহৰলৈ আহিছে হেটেৰ'(Hetero) ফাৰ্মাচিউটিকেল কোম্পানীৰ প্ৰকৃত সত্য । হায়দৰাবাদ(Hyderabad)ৰ আমিৰপেটস্থিত ঔষধ কোম্পানীটোৰ লকাৰত টকাৰ পাহাৰ । যোৱা ৬ অক্টোবৰত কোম্পানীটোত অভিযান চলাইছিল আয়কৰ বিভাগে । এই অভিযানত জব্দ হৈছিল ৪০টা লকাৰ ।

এই লকাৰবোৰত থকা বৃহৎ পৰিমাণৰ নগদ ধন গণনা কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিষয়াসকল । সেয়ে ধনৰাশি গণনা কৰিবলৈ আয়কৰ বিভাগৰ বিষয়াই ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ সহায় লৈছে ।

তেওঁলোকৰ মতে, ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীৰ তিনিটা দলে ধন গণনা কৰা যন্ত্ৰৰ সৈতে লকাৰৰ ধন গণনা কৰিবলৈ তিনি দিন সময় লৈছে । আনহাতে, অভিযানকাৰী বিষয়াসকলে লকাৰবোৰ জব্দ কৰিছে যদিও এতিয়াও লকাৰত কিমান পৰিমাণৰ নগদ ধন আছে সেয়া জানিব পৰা নাই ।

উল্লেখ্য যে, অভিযানৰ সময়ত আয়কৰ বিভাগৰ বিষয়াসকলে ১৪২.৮৭ কোটি টকা নগদ ধন আৰু ৩.৫ কিলোগ্ৰাম সোণৰ বিস্কুট জব্দ কৰে । জব্দ কৰা ৪০টা লকাৰৰ ভিতৰত মঙলবাৰ পৰ্যন্ত মাত্ৰ ১৬টা লকাৰহে খুলিব পৰা গৈছে ।

লগতে পঢ়ক: Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.