অসম

assam

মা কামাখ্যাৰ ওচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা হিমন্তৰ

By

Published : Feb 18, 2022, 7:24 AM IST

Updated : Feb 18, 2022, 7:52 AM IST

তেলেংগনাত এক ৰাজহুৱা সভাত অংশলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ন সমালোচন কৰা দেখা গৈছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ৷ ৰাহুল গান্ধী সম্পৰ্কত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী গৰাকীকো লক্ষ্য কৰি লৈছিল তেলেংগানাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে (KCR lashed out on Assam Chief Minister) ৷ ইয়াৰ পিছতো মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত কেচিআৰৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনালে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

himanta-biswa-sarma-wishes-telangana-cm-kcr-on-his-birthday
মা কামাখ্যা, শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা হিমন্তৰ

গুৱাহাটী, 18 ফেব্ৰুৱাৰী :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (Himanta Biswa Sarma wishes KCR on his birthday) । ড৹ শৰ্মাই এক টুইট যোগে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যে কৰি লিখে " তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী কে চন্দ্ৰশেখৰ ৰাওলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা । মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক সুস্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ আশীৰ্বাদ দিয়ক,"।

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰাৰ্থনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে " তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী কেচিআৰ গাৰুলৈ জন্মদিনৰ শুভেচ্ছা। তেওঁৰ দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছো। @TelanganaCMO," । মন কৰিব লগীয়া যে, কেচিআৰে ৰাহুল গান্ধী সম্পৰ্কত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰিছিল (KCR lashed out on Assam Chief Minister) ।

ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যক "অপমানজনক মন্তব্য' আখ্যা দি ইয়াৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে হায়দৰাবাদত এটা গোচৰো ৰুজু কৰা হৈছিল ( Case registered against Assam CM Himanta Biswa in Hyderabad )। ইয়াৰ পূৰ্বে তেলেংগনাত এক ৰাজহুৱা সভাত অংশলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীক তীক্ষ্ন সমালোচন কৰা দেখা গৈছিল ৷

উল্লেখ্য যে, ১৯৫৪ চনৰ ১৭ ফেব্ৰুৱাৰীত কেচিআৰ নামেৰে জনাজাত কালভাকুন্তলা চন্দ্ৰশেখৰ ৰাওৰ জন্ম হৈছিল মেদক জিলাৰ চিন্তমাদাকাত । তেওঁ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) প্ৰতিষ্ঠাপক সভাপতি যি তেলেংগানাক ৰাজ্যৰ হিচাপে গঢ় দিয়া আন্দোলনৰ নেতৃত্ব লৈছিল ।

2014 চনৰ নিৰ্বাচনত, টিআৰএছে 119 খন বিধানসভা আসনৰ 63 খনত বিজয়ী হৈছিল আৰু ইয়াৰ দ্বাৰা চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যক বিধায়ক লাভ কৰিছিল। কেচিআৰে তেলেংগানাৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত চন্দ্ৰশেখৰ ৰাওনেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ৮৮ খন আসন লাভ কৰে আৰু কেচিআৰে পুনৰ ১৩ ডিচেম্বৰ, ২০১৮ত দ্বিতীয়বাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

লগতে পঢ়ক :FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

Last Updated :Feb 18, 2022, 7:52 AM IST

ABOUT THE AUTHOR

...view details