ETV Bharat / state

FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

author img

By

Published : Feb 17, 2022, 5:15 PM IST

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত(FIR against CM Himanta Biswa Sarma) তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই । দেশৰ সাৰ্বভৌমত্ব আৰু সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সেনাক সন্দেহ কৰাৰ বাবে কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে এজাহাৰ দাখিল ।

FIR Against Political Leader
ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী: ৰাজ্যত এতিয়া এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা চলিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া বিতৰ্কিত বক্তব্যৰ পাছতে ৰাজ্যৰ ৰাজনীতিত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলিছে । সমান্তৰালকৈ চলিছে এজাহাৰ দাখিলৰ প্ৰক্ৰিয়া (Political parties in Assam lodge FIRs against each others) ।

এজাহাৰ দাখিলৰ এই প্ৰক্ৰিয়া অসমতে সীমাবদ্ধ হৈ থকা নাই । দেশৰ বিভিন্ন ৰাজ্যত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ শাসকীয় দল বিজেপি আৰু কংগ্ৰেছৰ মাজত এজাহাৰ দাখিলৰ একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা চলিছে । অতি শেহতীয়াভাৱে তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হায়দৰাবাদৰ জুবিলী আৰক্ষী থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু (FIR against CM Himanta Biswa Sarma) কৰাৰ পিছতে এইবাৰ অসমত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে এজন বিজেপি বিধায়কে । কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই বুধবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰে । দেশৰ সাৰ্বভৌমত্ব আৰু সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ লগতে সেনাক সন্দেহ কৰাৰ বাবে তেওঁ এই গোচৰ ৰুজু কৰে কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ।

উল্লেখ্য যে, পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই চাৰ্জিকেল ষ্ট্ৰাইক কৰা কাৰ্যৰ প্ৰমাণ বিচাৰিছিল তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । দেশৰ সেনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কৰা মন্তব্যকো গৰিহণা দিছে দিগন্ত বিধায়ক কলিতাই । উল্লেখ যে, পাকিস্তানৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক কৰা সম্পৰ্কে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে উত্থাপন কৰা প্ৰশ্নকলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডৰ এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীক সেই বিষয়ে সমালোচনা কৰি বিতৰ্কিত মন্তব্য আগবঢ়াইছিল । তাৰ পিছৰ পৰাই দেশৰ ৰাজনৈতিক মহলত সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত গোচৰ দিয়াৰ পাছতেই এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয় । ইয়াৰ পাছতেই অসমত বিজেপিৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাই ৰাজ্যজুৰি থানাই থানাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । ৰাহুল গান্ধীৰ বিৰুদ্ধে দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও মঙলবাৰে হাতীগাঁও থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্তৰাখণ্ডৰ বক্তব্যকলৈ এজাহাৰ দাখিল কৰা হয় । অৱশ্যে দিছপুৰ থানাই প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ কৰা নাছিল । অতি শেহতীয়াকৈ তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হায়দৰাবাদৰ জুবিলী আৰক্ষী থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই । এই প্ৰক্ৰিয়া আৰু কিমান দিনলৈ অব্যাহত থাকে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.