অসম

assam

Satyendar Jain Admitted in Hospital : দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন চিকিৎসালয়ত ভৰ্তি

By

Published : May 25, 2023, 12:45 PM IST

Updated : May 26, 2023, 1:51 PM IST

Satyendar Jain Admitted in Hospital

দিল্লীৰ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (satyendar jain admitted to DDU hospital) । আম আদমী পাৰ্টীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, জৈন তিহাৰ কাৰাগাৰৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত পৰি গৈছিল ।

নিউজ ডেস্ক, ২৫ মে' : তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক (former minister satyendar jain in tihar jail) বৃহস্পতিবাৰে হস্পিটেলত ভৰ্তি কৰোৱা হয় । তেওঁ বৰ্তমান দিল্লীৰ দীনদয়াল উপাধ্যায় হস্পিটেলত চিকিৎসাধীন হৈ আছে (satyendar jain admitted to DDU hospital) । তিহাৰ কাৰাগাৰৰ সঞ্চালক প্ৰধানে জনোৱা মতে, কাৰাগাৰৰ ৭ নম্বৰ চেলত বন্দী হৈ থকা সত্যেন্দ্ৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত কাৰাগাৰৰ ভিতৰত থকা প্ৰস্ৰাৱগাৰত বাগৰি পৰে । তাৰ পিছত তেওঁক ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । তেওঁৰ কেইবাটাও পৰীক্ষা কৰা হ'ব বুলি তেওঁ লগতে কয় (DG of Tihar jail on satyendar jain) ।

কাৰাগাৰৰ সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে সত্যেন্দ্ৰ জৈনৰ মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ হ'ব (Satyendar Jain undergo spinal surgery) । আনহাতে, তিহাৰ কাৰাগাৰৰ আন এগৰাকী বিষয়াই জনোৱা মতে, দুৰ্বলতাৰ বাবে জৈনক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে । অৱশ্যে তেওঁৰ অন্যান্য গুৰুতৰ বিষয়বোৰ স্বাভাৱিক বুলি জানিব পৰা গৈছে । বিষয়াজনে কয় যে প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ পিঠি, বাঁও ভৰি আৰু কান্ধত বিষ হোৱাৰ কথাও জনাইছে । আনহাতে, ইয়াৰ পূৰ্বে আপৰ সূত্ৰই জনাইছিল যে বিগত বছৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত জৈনৰ ওজন প্ৰায় ৩৫ কিলোগ্ৰাম হ্ৰাস পাইছে ।

উল্লেখ্য যে বিগত সপ্তাহতো জৈনক চিকিৎসালয়লৈ নি পৰীক্ষা কৰোৱা হৈছিল । সোমবাৰে সত্যেন্দ্ৰ জৈনক মেৰুদণ্ডৰ সমস্যাৰ বাবে দিল্লীৰ চফদৰজং চিকিৎসালয়ত পৰীক্ষা কৰোৱা হৈছিল । প্ৰথমতে শনিবাৰে তেওঁক দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ লৈ যোৱাৰ পিছত এই সমস্যা ধৰা পৰে ।

"জৈনক পুৱা নিউৰো-ছাৰ্জাৰীৰ অ'পিডিত দেখুওৱা হয় । তাত চিকিৎসকে পৰীক্ষা কৰাৰ পিছত তেওঁ উভতি যায় । তেওঁৰ সৈতে আৰক্ষীও আছিল ।" চফদৰজং চিকিৎসালয়ৰ এজন মুখপাত্ৰই পিটিআইক এই কথা জনায় । আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটাৰত এখন ফটো শ্বেয়াৰ কৰিছে । তাত চিকিৎসালয়ৰ এখন চকীত দুৰ্বল আৰু শীৰ্ণকায় চেহেৰাৰে সৈত্যেন্দ্ৰ জৈন বহি থকা দেখা গৈছে । তেওঁৰ কাষত থিয় হৈ আছে দুজন আৰক্ষী (Arvind Kejriwal on Satyendar Jain) ।

"মই ভগৱানৰ ওচৰত তেওঁৰ স্বাস্থ্যৰ উন্নতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । দিল্লীৰ মানুহে বিজেপিৰ অহংকাৰ আৰু অত্যাচাৰ চাই আছে । আনকি ভগৱানেও এই অত্যাচাৰকাৰীসকলক ক্ষমা নকৰিব । এই সংগ্ৰামত জনসাধাৰণ আমাৰ সৈতে আছে । ভগৱান আমাৰ কাষত আছে । আমি ভগত সিঙৰ অনুগামী আৰু উৎপীড়ন, অন্যায় আৰু একনায়কত্বৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব ।" কেজৰিৱালে এনেদৰে টুইট কৰে ।

লগতে পঢ়ক :Money Laundering Case : ছিছোডিয়াৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন প্ৰত্যাহাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

Last Updated :May 26, 2023, 1:51 PM IST

ABOUT THE AUTHOR

...view details