Money Laundering Case : ছিছোডিয়াৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন প্ৰত্যাহাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : May 24, 2023, 7:17 PM IST

Manish Sisodia Money Laundering Case

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই তেওঁৰ অসুস্থ পত্নীক লগ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন প্ৰত্যাহাৰ কৰিছে (Manish Sisodia withdraws interim bail plea) । কোৱা হৈছে যে বৰ্তমান তেওঁৰ পত্নী সুস্থ ।

নিউজ ডেস্ক, ২৪ মে' : দিল্লী সুৰা কেলেংকাৰী গোচৰত (delhi liquor scam) বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াই বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন প্ৰত্যাহাৰ কৰে (Manish Sisodia withdraws interim bail plea) । পত্নীৰ অসুস্থতাৰ কথা উল্লেখ কৰি তেওঁ ইডিৰ ধন আত্মসাতৰ গোচৰত আদালতৰ পৰা আগতীয়া জামিন বিচাৰিছিল ।

জানিব পৰা মতে, তেওঁৰ পত্নীৰ অৱস্থা বৰ্তমান সুস্থিৰ বাবে তেওঁ এই আবেদন উঠাই লয় । আনহাতে, চিবিআই গোচৰত ছিছোডিয়াৰ নিয়মীয়া জামিন আবেদনৰ ওপৰত আদালতে সিদ্ধান্ত সংৰক্ষিত ৰাখিছে । ইফালে বুধবাৰে শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে কয় যে, তেওঁ পূৰ্বতে তথ্যবোৰ গোপন কৰিছিল (Sisodia interim bail plea in Delhi HC) ।

আবেদনখনত পত্নীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ কথা তেওঁ উল্লেখ কৰা নাছিল । তথ্য লুকুৱাই ৰখা সম্পৰ্কীয় বিতৰ্কৰ বাবেহে তেওঁ আবেদনখন প্ৰত্যাহাৰ কৰিছে । এয়া সাধাৰণ প্ৰত্যাহাৰ নহয় (Manish Sisodia money laundering case) ।

আনহাতে, জ্যেষ্ঠ অধিবক্তা মোহিত মাথুৰে ধন আত্মসাতৰ গোচৰত ছিছোডিয়াৰ নিয়মীয়া জামিন আবেদন সন্দৰ্ভত পুনৰ বিতৰ্ক আৰম্ভ কৰি কয় যে, জামিন মঞ্জুৰ কৰিব লাগে বুলি এটা সাধাৰণ নিয়ম আছে ।

মাথুৰে লগতে এইটোও কয় যে, অভিযোগকাৰীৰ অনুমানৰ ভিত্তিত কোনো এটা গোচৰ সৃষ্টি কৰিব নোৱাৰে । উল্লেখ্য, ছিছোডিয়াৰ অধিবক্তাই শুকুৰবাৰে পুনৰ যুক্তি অব্যাহত ৰাখিব । আনহাতে, প্ৰৱৰ্তন সঞ্চালকালয়ে 29 মে'ত পুনৰ যুক্তি আৰম্ভ কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে আদালতে চিবিআই গোচৰত ছিছোডিয়াৰ নিয়মীয়া জামিন আবেদনৰ ওপৰত ৰায় সংৰক্ষিত ৰাখিছিল । আঠ ঘণ্টাতকৈও অধিক সময় সোধাপোছাৰ পিছত ২৬ ফেব্ৰুৱাৰীত চিবিআয়ে আপৰ নেতাজনক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :ED Raids : আপ সাংসদ সঞ্জয় সিঙৰ ঘনিষ্ঠৰ চৌহদত অভিযান ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.