ETV Bharat / bharat

প্ৰথমতে 4 গৰাকীক ডিঙি চেপি হত্যা, পিচত কৰিলে আত্মহত্যা - FIVE PEOPLE DIED IN ONE HOUSE

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:50 PM IST

Doctor Family Suicide In Vijayawada
প্ৰথমতে 4 গৰাকীক ডিঙি চেপি হত্যা, পিচত নিজেই কৰিলে আত্মহত্যা

Doctor Family Suicide In Vijayawada : অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়াত লোমহৰ্ষক ঘটনা ৷ একেটা পৰিয়ালৰ ৫ জন লোকৰ ৰহস্যজনক মৃত্যু ৷ চিপ লোৱা অৱস্থাত এগৰাকীক উদ্ধাৰ, অন্য 4 জনক ডিঙি চেপি কৰা হৈছিল হত্যা ৷ পঢ়ক সবিশেষ...

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল : অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াত নিমিষতে ছাৰখাৰ হ’ল এটা পৰিয়াল ৷ একেটা পৰিয়ালৰ 5 গৰাকী লোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ ঘৰখনৰ মুৰব্বীজনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে আন চাৰিগৰাকী সদস্যৰ মৃতদেহ কোঠাৰ ভিতৰত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে ৷

ঘটনাৰ সবিশেষ:

ডি শ্ৰীনিবাস পেছাত এগৰাকী চিকিৎসক ৷ তেওঁলোকে গুৰুনানক কলনীত বাস কৰিছিল ৷ তেওঁ বিজয়ৱাড়াৰ শ্ৰীজা হাস্পতালৰ স্বত্বাধিকাৰী আছিল ৷ তেওঁ মাতৃ, পত্নী আৰু দুই সন্তানৰ সৈতে সুখেৰে বাস কৰিছিল ৷ ঘটনাৰ দিনাও অন্য দিনাৰ দৰে তেওঁলোকে হাঁহি মাতি পৰিয়ালৰ সৈতে সময় পাৰ কৰি আছিল ৷ কিন্তু কোনে জানিছিল ইয়াতেই তেওঁলোকৰ জীৱনৰ যৱনিকা পৰিব !

মঙলবাৰে পুৱা চিকিৎসকগৰাকীৰ ঘৰলৈ প্ৰতিদিনৰ দৰেই কাম কৰা লোক আহিছিল ৷ তেওঁ দুৱাৰখন খুলি সোমাই গৈ প্ৰথমেই বেলকনিত ডাঃ শ্ৰীনিবাসক (40) চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি হতবাক হয় ৷ লগে লগে তেওঁ চুবুৰীয়া লোকক মাতি অনাত, তেওঁলোকে স্থানীয় আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷

স্থানীয় আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে শ্ৰীনিবাসৰ মৃতদেহ উদ্ধাৰ কৰি কোঠাৰ ভিতৰত পৰিয়ালৰ আন চাৰিগৰাকী সদস্য মৃত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে ৷ আৰক্ষীয়ে শ্ৰীনিবাসৰ পত্নী ঊষা (38), কন্যা ছাইলাজা (9), পুত্ৰ শ্ৰীহান (8) আৰু মাতৃ ৰমনাম (65)ৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি এই 4 গৰাকী সদস্যক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল ৷

লগে লগে আৰক্ষীয়ে সোধা পোছা কৰোঁতে জানিব পৰা অনুসৰি আজিৰ পৰা কেইমাহমানৰ পূৰ্বে ডাঃ শ্ৰীনিবাসে বিজয়ৱাড়াত শ্ৰীজা হাস্পতালখন মুকলি কৰিছিল ৷ কিন্তু লোকচানৰ বাবে, তেওঁ চিকিৎসালয়খন লীজত লৈছিল আৰু কাম কৰি আছিল । যোৱা কেইদিনমানৰ পৰা তেওঁক বহুত ভাৰাক্ৰান্ত যেন দেখা গৈছিল ৷

সম্প্ৰতি বিজয়াৱাড়াৰ চি পি ৰামকৃষ্ণই ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে । আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, চিকিৎসকগৰাকীয়ে প্ৰথমে পৰিয়ালৰ লোককেইগৰাকীক হত্যা কৰে, তাৰ পিচতে নিজেই আত্মহত্যা কৰে ৷ আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷ এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চল জোকাৰি গৈছে ৷

লগতে পঢ়ক: ‘জাগৰণ’ৰ পৰা উভতি অহা যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী ! - Man shot at in UP’s Ghaziabad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.