ETV Bharat / bharat

‘জাগৰণ’ৰ পৰা উভতি অহা যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী ! - Man shot at in UP’s Ghaziabad

author img

By PTI

Published : Apr 30, 2024, 9:36 AM IST

‘জাগৰণ’ ৰ পৰা উভতি অহা যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী
‘জাগৰণ’ ৰ পৰা উভতি অহা যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী

Crime in Ghaziabad : উত্তৰ প্ৰদেশৰ গাজিয়াবাদত যুৱকলৈ লক্ষ্য কৰি 7 জাঁই গুলী নিক্ষেপ ৷ সংকটজনক অৱস্থা গুলীবিদ্ধ যুৱক ৷ গোচৰ ৰুজু ৷

নেশ্যনেল ডেস্ক, 30 এপ্ৰিল: ‘জাগৰণ’ৰ পৰা উভতি অহাৰ পাচতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত কৰুণ ঘটনা ৷ 27 বছৰীয়া এজন যুৱকলৈ লক্ষ্য কৰি গুলীবৰ্ষণ বন্ধুৰ ৷ সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, স্থানীয় তিনিজন যুৱকে এজন 27 বছৰীয়া যুৱকক 7 জাঁই গুলী নিক্ষেপ কৰে ৷

শনিবাৰ আৰু দেওবাৰৰ মাজ নিশা লনী সীমান্ত আৰক্ষী থানাৰ অন্তৰ্গত এটা বাছ ডিপোৰ সমীপৰ কেণ্টিনত সংঘটিত হয় এই নৃশংস ঘটনাটো । সহকাৰী আৰক্ষী আয়ুক্ত (অংকুৰ বিহাৰ) ভাস্কৰ বাৰ্মাই জনোৱা মতে, তিনিজন লোক আৰু তেওঁৰ বন্ধু আদিত্যৰ মাজত কাজিয়া হৈ থকা প্ৰত্যক্ষ কৰিছিল গৌৰৱ নামৰ এজন যুৱকে ৷ এই কাজিয়া শাম কটাবলৈ হস্তক্ষেপ কৰাৰ ফলতেই গৌৰৱক গুলীয়াই হত্যা কৰা হয় ।

নিখিল নামৰ এজনৰ লগতে আন দুজন লোকে গৌৰৱক গুলীয়াই হত্যা কৰা বুলি জানিবলৈ দিয়াৰ লগতে বন্ধু-বান্ধৱীয়ে চিকিৎসাৰ বাবে দিল্লীৰ জিটিবি চিকিৎসালয়ত ভৰ্তি কৰে বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।

বাৰ্মাই জানিবলৈ দিয়া মতে, গৌৰৱলৈ লক্ষ্য কৰি 3 যুৱকে 7 বাৰ গুলীচালনা কৰিছিল ৷ তেওঁৰ উৰু, হাত আৰু ভৰিত গুলীৰ আঘাত স্পষ্ট বুলি বাৰ্মাই জানিবলৈ দিয়ে । গৌৰৱে বন্ধু-বান্ধৱীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ কেণ্টিনত ৰৈছিল বুলি বিষয়াগৰাকীয়ে কয় ৷ তদুপৰি ‘জাগৰণ’ত হনুমানৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱ উভতি আহিছিল বুলি বিষয়াগৰাকীয়ে জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

গুলীবিদ্ধ গৌৰৱৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিবলৈ দিয়ে অংকুৰ বিহাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ভাস্কৰ বাৰ্মাই ৷ ইতিমধ্যে ঘটনাটোৰ মূল অভিযুক্ত নিখিলৰ বিৰুদ্ধে ভুক্তভোগীৰ পৰিয়ালৰ এজন সদস্যই এজাহাৰ দাখিল কৰিছে বুলি বাৰ্মাই জানিবলৈ দিয়াৰ লগতে গোচৰ ৰুজু হৈছে বুলিও জনায় ।

অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলিও বাৰ্মাই জনায় ।

লগতে পঢ়ক: চাঞ্চল্যকৰ ঘটনা: বৃদ্ধ মাতৃক হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ সমাজকৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.