ETV Bharat / bharat

চাঞ্চল্যকৰ ঘটনা: বৃদ্ধ মাতৃক হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ সমাজকৰ্মীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 3:11 PM IST

Ayodhya murder case
বৃদ্ধ মাতৃক হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ সমাজকৰ্মীৰ

Ayodhya murder case: ৮৫ বছৰীয়া মাতৃক হত্যা কৰাৰ দাবী কৰি পুত্ৰই থানাত আত্মসমৰ্পণ কৰিছে । আন্না আন্দোলনৰ সক্ৰিয় নেতা গোপাল কৃষ্ণ বাৰ্মাই এই সন্দৰ্ভত চিঠিও লিখিছে । অৱশ্যে গোপাল কৃষ্ণ বাৰ্মাৰ ভাতৃয়ে এই কথা অস্বীকাৰ কৰিছে ।

বৃদ্ধ মাতৃক হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ সমাজকৰ্মীৰ

নেশ্যনেল ডেস্ক,১ মাৰ্চ : ৰাম জন্মভূমি অযোধ্যাত চাঞ্চল্যকৰ ঘটনা । কংগ্ৰেছ নেতা তথা আৰু আন্না আন্দোলনৰ নেতা আৰু প্ৰখ্যাত সমাজকৰ্মী গোপাল কৃষ্ণ বাৰ্মাই শুকুৰবাৰে মাতৃক হত্যা কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কথা পোহৰলৈ আহিছে । অভিযোগ অনুসৰি বাৰ্মাই তেওঁৰ অসুস্থ বৃদ্ধ মাতৃক হত্যা কৰে । পিচত তেওঁ আত্মসমৰ্পণ কৰিবলৈ কোতৱালীত উপস্থিত হয় ।

ইফালে গোপাল কৃষ্ণ বাৰ্মাই ৪ পৃষ্ঠাৰ এখন পত্ৰও লিখিছে । য'ত তেওঁ উল্লেখ কৰিছে যে তেওঁ অত্যাধিক ঋণৰ বাবে মানসিক হতাশাত ভূগি আছিল । তেওঁ মাতৃৰ দুখ সহ্য কৰিব পৰা নাছিল যাৰ বাবে ৮৫ বছৰীয়া অসুস্থ মাতৃক এই দুখৰ পৰা পৰিত্ৰাণৰ বাবে হত্যা কৰে । পত্ৰখনৰ জৰিয়তে তেওঁ এই দোষ স্বীকাৰ কৰিছে আৰু আন কোনো দোষী নহয় বুলিও তেওঁ উল্লেখ কৰিছে ।

গোপাল কৃষ্ণ বাৰ্মা চহৰখনৰ এগৰাকী বিখ্যাত থিয়েটাৰ শিল্পী আছিল । ইয়াৰ উপৰিও, তেওঁ শতিকাৰ ৮০ আৰু ৯০ৰ দশকত সক্ৰিয় কমিউনিষ্ট পাৰ্টিৰ নেতা আছিল । আন্না আন্দোলনৰ সময়ত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল আৰু দিল্লীৰ অনশনত অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ উপৰিও, চহৰখনত তেওঁৰ জিকে কাৰ্ড এম্পোৰিয়াম নামৰ এখন বিখ্যাত বিপণিও আছিল । কিন্তু, দীৰ্ঘদিন ধৰি গোপাল কৃষ্ণ আৰ্থিক সংকটত আছিল ।

পত্ৰখনত গোপাল কৃষ্ণই লিখিছে যে তেওঁৰ মাতৃ অসুস্থ আছিল । তেওঁ নিজেও বিত্তীয় সংকটত আছিল । অসুস্থ মাতৃয়ে তেওঁৰ সমস্যা দেখি বিচলিত হৈছিল । তেওঁ আত্মহত্যা কৰিব বুলি পৰিয়ালটোৱে সন্দেহ কৰিছিল । কিন্তু তেওঁ মাতৃক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ আত্মহত্যা নকৰে । বৰঞ্চ তেওঁ মাতৃক এই দুখ-কষ্টৰ পৰা সকাহ দিব বুলি কৈছিল । সেইকাৰণে তেওঁ এনেকুৱা এটা পদক্ষেপ লৈছে । ইয়াৰ বাবে তেওঁ যি শাস্তি পাই তাক গ্ৰহণ কৰিব ।

গোপাল কৃষ্ণ বাৰ্মাৰ ভাতৃ অনুৰাগ বাৰ্মাই ঘটনাটো সন্দৰ্ভত পৃথক মন্তব্য কৰিছে । তেওঁ কয় যে তেওঁৰ ভাতৃ দীৰ্ঘদিন ধৰি মানসিকভাৱে অসুস্থ আৰু হতাশাত আছিল । তেওঁৰ মাতৃৰ মৃত্যু স্বাভাৱিক । কিয়নো তেওঁৰ মাতৃ ৮৫ বছৰীয়া আছিল আৰু বহুত অসুস্থ আছিল । দীৰ্ঘদিন ধৰি শয্যাশায়ী আছিল । এই হত্যাক তেওঁ অস্বীকাৰ কৰে ।

অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । ফৰেনচিক দলৰ জৰিয়তে অনুসন্ধানো কৰা হৈছে আৰু প্ৰমাণ সংগ্ৰহ কৰা হৈছে । ইয়াৰ উপৰিও, বাৰ্মাৰ মাতৃৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত একাংশ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.