ETV Bharat / bharat

ইতিহাস সৃষ্টিৰে অৰুণাচলৰ প্ৰথমগৰাকী মহিলা বাছ পৰিচালক টুংগম ৰিবা - arunachal pradesh bus conductor

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 8:59 PM IST

ARUNACHAL PRADESH BUS CONDUCTOR
দেশজুৰি চৰ্চা লাভ কৰা এগৰাকী মহিলা বাছ কণ্ডাক্টৰ

ARUNACHAL PRADESH BUS CONDUCTOR : দেশজুৰি চৰ্চা লাভ কৰি অৰুণাচল প্ৰদেশৰ একমাত্ৰ মহিলা বাছ কণ্ডাক্টৰ টুংগম ৰিবা কোন জানেনে ? পঢ়ক সবিশেষ...

তেজপুৰ, ৩০ এপ্ৰিল : বৰ্তমান সময়ত নাৰী-পুৰুষ সকলো ক্ষেত্ৰতে সমান সমান বুলি দাবী কৰা হয় ৷ এইবাৰ এই কথাকে প্ৰমাণ কৰি দেখুৱালে অৰুণাচল প্ৰদেশৰ টুংগমে ৷ তেওঁৰ নাম টুংগম ৰিবা ৷ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা টুংগমে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ বিশ্ববিদ্যালয়ত এগৰাকী বাছ কণ্ডাক্টৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছে ৷

টুংগম ৰিবা
টুংগম ৰিবা

সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে টুংগমে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে টুংগমৰ এই খবৰে ৷ টুংগমৰ এই বাতৰিৰ বাবে ইটিভি ভাৰতৰ পৰিয়ালৰ হৈ শুভেচ্ছা জনাই জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসে তেওঁৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় ৷

টেলিফোনিক বাৰ্তালাপত টুংগমে কয়, "কোনো কামেই সঁচাকৈয়ে ডাঙৰ বা সৰু নহয় । আমি কামটো কেনেকৈ সম্পন্ন কৰো, সেইটোৱেই গুৰুত্বপূৰ্ণ ৷ কিন্তু তাৰমাজতে বহুতে মোক সামাজিক মাধ্যমত সমালোচনাও কৰিছে ৷ এই সমালোচনা দেখি মই প্ৰথমতে চিন্তিত হৈছিলো যদিও এতিয়া মই মাত্ৰ মোৰ কামৰ ওপৰত গুৰুত্ব দিছো" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অৰুণাচল প্ৰদেশৰ লেপাৰাডা জিলাৰ পুৰণি দাৰী গাঁৱৰ বাসিন্দা টুংগমে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে । এগৰাকী মহিলা হিচাপে গতানুগতিক চাকৰি এটাৰ বাবে অপেক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ সামাজিক বাধাক প্ৰত্যাহ্বান জনাই এই কাম কৰাৰ সিদ্ধান্ত লয় । অদম্য দৃঢ়তা আৰু স্থিতিস্থাপকতা মনোভাৱেৰে পাছিঘাটৰ অৰুণাচল প্ৰদেশ বিশ্ববিদ্যালয় (এপিইউ) ত বাছ কণ্ডাক্টৰৰ পদৰ বাবে আবেদন জনায় টুংগমে ৷ তেওঁ বৰ্তমান কণ্টিজেণ্ট ষ্টাফ হিচাপে কাম কৰি আছে ।

টুংগমৰ কাহিনী প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শস্বৰূপ ৷ টুংগমে প্ৰমাণ কৰি দিছে যে সপোন দেখিলে পূৰণ কৰিব পাৰি ৷ কোনো কামেই অসম্ভৱ নহয় ৷

লগতে পঢ়ক: ফিলিপাইনছে লাভ কৰিলে ভাৰতৰ ব্ৰহ্ম'ছ মিছাইল - BrahMos supersonic cruise missiles

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.