ETV Bharat / bharat

নৌসেনাৰ 26 তম্ প্ৰধান এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠী - Indian Navy Chief

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:11 PM IST

DINESH KUMAR TRIPATHI
এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠী

ভাৰতীয় নৌসেনাৰ প্ৰধান হিচাবে দায়িত্বভাৰ গ্ৰহণ দিনেশ কুমাৰ ত্ৰিপাঠী ৷ এডমিৰেল হৰি কুমাৰৰ অৱসৰ গ্ৰহণৰ পিচত এই দায়িত্ব গ্ৰহণ কৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰগৰাকীয়ে ৷

নিউজ ডেস্ক, 30 এপ্ৰিল: যোগাযোগ আৰু বৈদ্যুতিক যুদ্ধ বিশেষজ্ঞ এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰে ভাৰতীয় নৌ সেনাৰ মুৰব্বী হিচাপে ৷ আৰ হৰি কুমাৰে অৱসৰ লোৱাৰ পিচত নৌ সেনাৰ 26 তম প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে দিনেশ কুমাৰ ত্ৰিপাঠীয়ে ৷ ৰেৱাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ এডমিৰেল ত্ৰিপাঠী ইয়াৰ পূৰ্বে নৌ সেনাৰ উপ-প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

উল্লেখ্য যে, ১৯৬৪ চনৰ ১৫ মে’ত জন্মগ্ৰহণ কৰা এডমিৰেল ত্ৰিপাঠীক ১৯৮৫ চনৰ ১ জুলাইত ভাৰতীয় নৌসেনাৰ কাৰ্যবাহী শাখাত নিযুক্তি দিয়া হৈছিল । যোগাযোগ আৰু বৈদ্যুতিক যুদ্ধ বিশেষজ্ঞ হিচাপে তেওঁ প্ৰায় 39 বছৰজোৰা এক দীঘলীয়া সেৱা আগবঢ়াই আহিছিল । নৌসেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ পশ্চিম নৌ সেনা কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

তদুপৰি এডমিৰেল ত্ৰিপাঠী ভাৰতীয় নৌ সেনাৰ জাহাজ বিনাশ, কিৰ্চ আৰু ত্ৰিশূলৰো নিয়ন্ত্ৰক আছিল । বিভিন্ন গুৰুত্বপূৰ্ণ অভিযানমূলক আৰু কৰ্মচাৰী নিযুক্তিও অনুষ্ঠিত কৰিছে ৷ যাৰ ভিতৰত অন্তৰ্ভুক্ত আছে ৱেষ্টাৰ্ণ ফ্লীটৰ ফ্লীট অপাৰেচন বিষয়া, নৌ অভিযানৰ সঞ্চালক, মুখ্য সঞ্চালক, নেটৱৰ্ককেন্দ্ৰিক অভিযান আৰু মুখ্য সঞ্চালক, নৌ পৰিকল্পনা আদি ৷

ৰিয়াৰ এডমিৰেল হিচাপে তেওঁ পূৱ নৌবাহিনীৰ ফ্লেগ অফিচাৰ কমাণ্ডিং হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আনকি তেওঁ ভাৰতীয় নৌ একাডেমী, এজিমালাৰ কমাণ্ডেণ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ এডমিৰেল ত্ৰিপাঠীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ, ৱেলিংটন, নেভেল হায়াৰ কমাণ্ড পাঠ্যক্ৰম, কৰণজা আৰু নেভেল কমাণ্ড কলেজত পাঠ্যক্ৰম গ্ৰহণ কৰিছিল ।

উল্লেখ্য যে, এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে অতি বিশেষ সেৱা পদক আৰু নৌ সেনা পদক লাভ কৰিছিল ।

লগতে পঢ়ক: ইতিহাস সৃষ্টিৰে অৰুণাচলৰ প্ৰথমগৰাকী মহিলা বাছ পৰিচালক টুংগম ৰিবা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.