অসম

assam

নিশকতীয়া হ’ল নেকি অল কায়দা ! কোন আছিল আল জৱাহিৰি ?

By

Published : Aug 2, 2022, 1:17 PM IST

Updated : Aug 2, 2022, 1:50 PM IST

Who was Ayman Al Zawahiri

"পৃথিৱীৰ সকলো শক্তিয়ে মোক মৃত্যুৰ এক ছেকেণ্ড ওচৰলৈও আনিব নোৱাৰে ৷" আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত মষ্ট ৱাণ্টেড অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি ৷

নেশ্যনেল ডেস্ক, 2 আগষ্ট:সুদীৰ্ঘ 11 বছৰৰ পিছত ফলিয়ালে আমেৰিকাৰ ভৱিষ্যতবাণী ৷ আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত মষ্ট ৱাণ্টেড অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি ৷ শনিবাৰে আমেৰিকাই আফগানিস্তানৰ কাবুলত বিমান আক্ৰমণ চলোৱাৰ ফলত অল কায়দাৰ নেতা আল জৱাহিৰি নিহত হয় ৷ কাবুলৰ ডাউনটাউনত পৰিয়ালক লগ কৰিবলৈ গৈ আশ্ৰয় লৈ আছিল জৱাহিৰিয়ে ৷ শনিবাৰে নিশা ৯.৪৮ বজাত ঘৰৰ বেলকনীত বহি থকাৰ সময়তে তেওঁক কৰি লক্ষ্য দুটাকৈ মিচাইল নিক্ষেপ কৰা হৈছিল ৷ ৰিপোৰ্ট অনুসৰি এই আক্ৰমণত দুটা হেলফায়াৰ মিছাইল ব্যৱহাৰ কৰা হৈছিল ৷

"যিমানেই সময় নহওক কিয়, আপুনি য'তেই লুকাই থাকক, যদি আপুনি আমাৰ দেশৰ বাবে ভাবুকি হয়, আমেৰিকাই আপোনাক বিচাৰি উলিয়াব আৰু আপোনাক জনচক্ষুৰ মাজলৈ লৈ আহিব ৷" আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে প্ৰত্যাহ্বান জনাইছিল অল কায়ডাৰ মুৰব্বী আল জৱাহিৰিক ৷

১৯৫১ চনৰ ১৯ জুনত ইজিপ্তৰ কায়ৰোত জন্মগ্ৰহণ কৰা জৱাহিৰি এক আধ্যৱন্ত পৰিয়ালৰ সন্তান ৷ ইজিপ্তৰ বুদ্ধিজীৱী আৰু চিকিৎসকসকলৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা স্বত্বেও জৱাহিৰী ডাঙৰ হৈ চিকিৎসক হৈছিল ৷ তেওঁৰ ককাক ৰাবিয়া আল জৱাহিৰি, মধ্য প্ৰাচ্যৰ চুন্নী ইছলামিক অধ্যয়নৰ কেন্দ্ৰস্থল আৰু ইছলামৰ অন্যতম গুৰুত্বপূৰ্ণ মছজিদ আল–আজহাৰৰ ইমাম আছিল ।

১৯৮৬ চনত লাডেনক লগ পোৱাৰ পিছত জাৱাহিৰীয়ে তেওঁৰ ব্যক্তিগত চিকিৎসক আৰু পৰামৰ্শদাতা হিচাপে যোগদান কৰে, মাত্ৰ তিনি বছৰৰ ভিতৰত চকুৰ শল্য চিকিৎসক হিচাপে কাম কৰাৰ পিছতে তেওঁ বিশ্বৰ এজন মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে পৰিগনিত হয় ৷

তেওঁ ১৯৯৩ চনত ইজিপ্তত ইছলামিক জিহাদৰ নিয়ন্ত্ৰণ গ্ৰহণ কৰে আৰু ১৯৯০ ৰ দশকৰ মাজভাগত চৰকাৰ ওফৰাই কঠোৰ ইছলামিক ৰাষ্ট্ৰ স্থাপনৰ আন্দোলনত বিশেষ ভূমিকা পালন কৰে ৷ তেওঁ ১,২০০ তকৈও অধিক ইজিপ্তীয়ান লোকৰ হত্যাত জড়িত আছিল ৷ পৰৱৰ্তীলৈ আমেৰিকা চৰকাৰৰ ২০০১ চনৰ "Most Wanted"ৰ তালিকাৰ দ্বিতীয় স্থানত জৱাহিৰীৰ নাম অন্তৰ্ভুক্ত হয়৷ অৱশেষত জৱাহিৰীয়ে ১৯৯৮ চনত অল কায়দা আৰু ইজিপ্তিয়ান ইছলামিক জেহাদক একত্ৰিত কৰে ৷

১৯৯৮ চনৰ ৭ আগষ্টত কেনিয়াৰ নাইৰোবিত থকা আমেৰিকান দূতাবাস আৰু আফ্ৰিকাৰ দাৰ এছ ছালাম, তাঞ্জানিয়াত থকা আমেৰিকান দূতবাসৰ সন্মুখত সংঘটিত বোমা বিস্ফোৰণত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই বিস্ফোৰণত ১২ জন আমেৰিকানসহ, ২২৪ জন লোক নিহত হৈছিল আৰু ৪,৫০০ ৰো অধিক লোক আহত হৈছিল ৷

২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেন্টাগনৰ দুটা টাৱাৰত অল কায়দাই আত্মঘাটী বোমা বিস্ফোৰণ কৰা ফলত আক্ৰমণত প্ৰায় ৩,০০০ লোক নিহত হৈছিল ।

এই বিস্ফোৰণৰ ঘটনাৰ পিছতেই ২০০৩ চনৰ মে' মাহৰ শেষৰ ফালে জৱাহিৰী আৰু লাডেনে আফগানিস্তান আত্মগোপন কৰিবলৈ পলায়ন কৰিছিল ৷ জৱাহিৰীক চৌদি আৰৱৰ ৰিয়াদত আত্মঘাতী বোমা বিস্ফোৰণত জড়িত থকা অৱস্থাত পোৱা গৈছিল, পৰৱৰ্তী সময়ত জৱাহিৰীৰ কণ্ঠস্বৰ থকা বুলি ভবা এটা টেপ মুকলি হোৱাৰ কেইদিনমান পিছত ৯ জন আমেৰিকানসহ ২৩ জন লোক নিহত হৈছিল ৷

যোৱা 21 বছৰ ধৰি জৱাহিৰীক হত্যা কৰিবলৈ যত্নোপৰনাস্তি প্ৰয়াস কৰিছিল আমেৰিকাই ৷ জৱাহিৰীৰ সন্ধান দিওঁতাগৰাকীক 25 মিলিয়ন পুৰস্কাৰ ঘোষণা কৰিছিল আমেৰিকা চৰকাৰে ৷

জৱাহিৰীয়ে ২০০৭ চনত ১৬ টা ভিডিঅ' আৰু অডিঅ' টেপত প্ৰকাশ পোৱাৰ পিছত অল-কায়দাৰ এজন বিশিষ্ট বক্তা হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ দলটোৱে সমগ্ৰ বিশ্বৰ মুছলমানসকলক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল৷ তেওঁৰ অৱস্থান কেইবা বছৰ ধৰি ৰহস্যজনক আছিল, কিন্তু তেওঁ পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তত লুকাই আছিল বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছিল ৷

২০০৬ চনৰ জানুৱাৰী মাহত, আমেৰিকাই ইয়াৰ পূৰ্বে আফগানিস্তানৰ সৈতে পাকিস্তানৰ সীমান্তৰ ওচৰত মিছাইল আক্ৰমণত জৱাহিৰীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল। এই আক্ৰমণত আল-কায়দাৰ চাৰিজন সদস্য নিহত হৈছিল, কিন্তু জৱাহিৰী বাচি গৈছিল৷ এই ঘটনাৰ দুসপ্তাহৰ পিছতে তেওঁক এটা ভিডিঅ'ৰ যোগেদি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বক সতৰ্কবাণী দি কয়, "পৃথিৱীৰ সকলো শক্তিয়ে মোক মৃত্যুৰ এক ছেকেণ্ড ওচৰলৈও আনিব নোৱাৰে ৷"

লগতে পঢ়ক:Al-Qaeda chief Death: আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আল জৱাহিৰি

Last Updated :Aug 2, 2022, 1:50 PM IST

ABOUT THE AUTHOR

...view details