Al-Qaeda chief Death: আমেৰিকাৰ ড্ৰোণ আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আল জৱাহিৰি

author img

By

Published : Aug 2, 2022, 10:24 AM IST

Al Zawahri killed in Afghanistan by US drone strike

শনিবাৰে আমেৰিকাই আফগানিস্তানৰ কাবুলত বিমানৰে চলোৱা আক্ৰমণত অল কায়দাৰ নেতা আল জৱাহিৰি নিহত হৈছে (Al Qaida leader Al Zawahri killed) ৷ ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে (Al Zawahri killed in Afghanistan by US drone strike) ৷

নেশ্যনেল ডেস্ক, 2 আগষ্ট: ড্ৰোণ আক্ৰমণত নিহত মষ্ট ৱাণ্টেড অল কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (President Joe Biden) সোমবাৰে টুইটযোগে নিশ্চিত কৰে এই খবৰ ৷ শনিবাৰে আমেৰিকাই আফগানিস্তানৰ কাবুলত বিমানৰে চলোৱা আক্ৰমণত অল কায়দাৰ নেতা আল জৱাহিৰি নিহত হয় (Al Qaida leader Al Zawahri killed) ৷ ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে (Al Zawahri killed in Afghanistan by US drone strike) ৷

কাবুলৰ ডাউনটাউনত পৰিয়ালক লগ কৰিবলৈ গৈ তাতেই আশ্ৰয় লৈ আছিল জৱাহিৰিয়ে ৷ ইয়াৰ পিছতে শনিবাৰে নিশা ৯.৪৮ বজাত আক্ৰমণৰ ঘটনাটো সংঘটিত হয় ৷ ৰিপোৰ্ট অনুসৰি এই আক্ৰমণত দুটা হেলফায়াৰ মিছাইল ব্যৱহাৰ কৰা হৈছিল ৷

এই আক্ৰমণৰ ঘটনাৰ পূৰ্বে বাইডেনে কেবিনেট আৰু পৰামৰ্শদাতাসকলৰ সৈতে কেইবাসপ্তাহ ধৰি বৈঠকত মিলিত হৈছিল ৷ পৰিকল্পনা অনুসৰি আক্ৰমণৰ সময়ত কোনো আমেৰিকান উপস্থিত নাছিল কাবুলত ।

তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে এই সন্দৰ্ভত টুইটযোগে কয়," ৩১ জুলাইত কাবুল চহৰৰ শ্বেৰপুৰ অঞ্চলৰ এটা আৱাসিক ঘৰত বিমানেৰে আক্ৰমণ কৰা হৈছিল । এই ঘটনাৰ সন্দৰ্ভত আমি তদন্ত কৰি গম পালো যে এই আক্ৰমণ আমেৰিকান ড্ৰোনৰ দ্বাৰা কৰা হৈছিল ।" অৱশ্যে আক্ৰমণত জৱাহিৰিৰ পৰিয়ালৰ কোনো ক্ষতি হোৱা নাই ৷

জৱাহিৰিয়ে বিগত ১১ বছৰ ধৰি অল কায়দাৰ মুৰব্বী হিচাপে সন্ত্ৰাসবাদী সংগঠনটোক নেতৃত্ব দি আছিল ৷ তেওঁ এসময়ত ওছামা বিন লাডেনৰ ব্যক্তিগত চিকিৎসক হিচাপে আছিল ৷

জৱাহিৰি ইজিপ্তৰ এক প্ৰতিষ্ঠিত পৰিয়ালৰ সন্তান ৷ জৱাহিৰিয়ে ১১ ছেপ্টেম্বৰ ২০০১ চনত আমেৰিকাৰ ওপৰত আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ ষড়যন্ত্ৰত সহায় কৰিছিল (Deadliest attack ever on American soil) ৷ আমেৰিকাত হোৱা এই আক্ৰমণৰ পিছত জৱাহিৰিয়ে আত্মগোপন কৰি আছিল ।

লগতে পঢ়ক: Tripura CM on Light House Project: লাইট হাউছ প্ৰকল্প দ্ৰুতগতিত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.