অসম

assam

Dalai Lama teaching program in Gaya: চীনা চৰকাৰে বৌদ্ধ ধৰ্মৰ ক্ষতি কৰিছে: দালাই লামা

By

Published : Dec 31, 2022, 9:20 PM IST

চীনা চৰকাৰৰ বৌদ্ধ ধৰ্ম ধ্বংস কৰাৰ প্ৰচেষ্টাক তীব্ৰ সমালোচনা বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাৰ (Buddhist Guru Dalai Lama)। বুদ্ধগয়াত অনুষ্ঠিত শিক্ষণ বক্তৃতাৰ অন্তিম দিনা তেওঁ চীনা চৰকাৰক এইদৰে সমালোচনা কৰে । অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুও উক্ত অনুষ্ঠানত উপস্থিত থাকে ।

Dalai Lama statement on China Government
বুদ্ধগয়াৰ কালাচক্ৰ খেলপথাৰত শিক্ষণ বক্তৃতা

নেশ্য়নেল ডেস্ক, ৩১ডিচেম্বৰ : যোৱা ২৯ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বুদ্ধগয়াত অনুষ্ঠিত শিক্ষণ বক্তৃতাৰ অন্তিম দিনা বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাই চীনা চৰকাৰৰ বৌদ্ধ ধৰ্ম নি:শেষ কৰাৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰে (Dalai Lama Teaching Program) । বুদ্ধগয়াৰ কালাচক্ৰ খেলপথাৰত অনুষ্ঠিত শিক্ষণ বক্তৃতাৰ অন্তিম দিনটোত তেওঁ কয় যে চীনা চৰকাৰে বৌদ্ধ ধৰ্মৰ ক্ষতি কৰিছে । বৌদ্ধ ধৰ্মক বিষাক্ত বুলি গণ্য কৰা হৈছে যদিও চীনত এই ধৰ্মটো ধ্বংস কৰিব পৰা নাই (Buddhist Guru Dalai Lama)। আধ্যাত্মিক নেতাগৰাকীয়ে কয় যে ইয়াৰ পিছতো আজিও চীনত বহুতো বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে ।

বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাই কয়,"যিসকলে বৌদ্ধ ধৰ্মৰ ওপৰত বিশ্বাস ৰখাৰ উপৰিও মোৰ প্ৰতি শ্ৰদ্ধা দেখুৱাইছে তেওঁলোকে মই গ্ৰহণ কৰা উপলব্ধিকেই স্বীকাৰ কৰে । তিব্বতীৰ লগতে চীনত বহুতো বৌদ্ধ মঠ আছে (Dalai Lama statement on China Government)। মই কেইবাবাৰো চীনলৈ গৈছো । বহুতো বুদ্ধ বিহাৰ এতিয়াও তাত আছে । মানুহৰ মনত বৌদ্ধ ধৰ্ম আৰু বুদ্ধ আছে । চীনা চৰকাৰে বৌদ্ধ ধৰ্ম ধ্বংস কৰিবলৈ চেষ্টা কৰাৰ পাচতো তাত বৌদ্ধ ধৰ্ম বিদ্যমান ।"

তেওঁ কয় ,"বৌদ্ধ দৰ্শনেৰে নিজৰ বাবে বা আনৰ বাবে অনুশীলন কৰক । বৌদ্ধ দৰ্শনে মন আৰু শৰীৰ দীৰ্ঘস্থায়ী কৰে । ইয়াৰ ফলত টোপনিও ভাল হয় । যদি আপুনি ৰাজহুৱা স্বাৰ্থলৈ লক্ষ্য কৰে ইয়াতকৈ ভাল একো হ'ব নোৱাৰে । বৌদ্ধ দৰ্শনে অনুশীলন কৰি আপোনাৰ ভিতৰৰ কু-ফল আৰু ক্লেশবোৰ আঁতৰ কৰিব পাৰি ।"

ইপিনে, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও শনিবাৰে দালাই লামাৰ শিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে (Arunachal Pradesh CM Pema Khandu)। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী খাণ্ডুৱেও কালাচক্ৰ ময়দানত তেওঁৰ ভাষণ প্ৰদান কৰে (Third day of Dalai Lama teaching program)। গয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীত নেপাল, ভূটান, ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৬০ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে । বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাৰ শিক্ষা ১৫ টা ভাষালৈ অনুবাদ কৰা হৈছে ।

উল্লেখ্য় যে দালাই লামা যোৱা ২২ ডিচেম্বৰত বুদ্ধগয়াত উপস্থিত হয় । ইয়াত তেওঁ এমাহ থাকিব । এই সময়চোৱাত কালাচক্ৰ পূজা ইয়াত কৰা হয় (Kalachakra Puja in Bodh Gaya)। এতিয়ালৈকে বিহাৰৰ বুদ্ধগয়াত ১৮ বাৰ কলাচক্ৰ পূজা অনুষ্ঠিত হৈছে । মূলতঃ, বুদ্ধগয়াত কলাচক্ৰ পূজাৰ পৰম্পৰা তিব্বতৰ পৰা আৰম্ভ হৈছিল । তাৰ পিছত বহুতো দেশ আৰু ভাৰতত কালাচক্ৰ পূজা হৈছে । এই পূজাত তান্ত্ৰিক অনুশীলনৰ জৰিয়তে বিশ্ব শান্তি কামনা কৰা হয় । একে সময়তে মৃতকৰ পৰিত্ৰাণৰ বাবে শান্তি কামনা কৰা হয় । কালাচক্ৰ পূজাৰ নেতৃত্ব বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাই প্ৰদান কৰে । কালাচক্ৰ পূজা উপলক্ষে সমগ্ৰ বিশ্বৰ বৌদ্ধ ভক্তসকল একত্ৰিত হয় ।

লগতে পঢ়ক:Corona Positive Foreigner: গয়াত ৪ কৰোনা পজিটিভ বিদেশীৰ সন্ধান

ABOUT THE AUTHOR

...view details