অসম

assam

চেন্নাইত শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সোণ

By

Published : Mar 18, 2021, 4:53 PM IST

চেন্নাই বিমানবন্দৰৰ পৰা ১৯.৮৫ লাখ টকাৰ সোণ জব্দ কৰে শুল্ক বিভাগে । ১০ মাৰ্চত ডুবাইৰ পৰা অহা এজন যাত্ৰীৰ পৰা শুল্ক আইনৰ অধীনত বিভিন্ন ইলেকট্ৰনিক সামগ্ৰীৰ লগতে ২৮১ গ্ৰাম সোণ উদ্ধাৰ কৰে ।

চেন্নাইত শুল্ক বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ
চেন্নাইত শুল্ক বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ

নেশ্যনেল ডেস্ক,১৮ মাৰ্চ:চেন্নাইৰ বিমান কৰ্তৃপক্ষৰ শুল্ক বিভাগৰ হাতত জব্দ বৃহৎ পৰিমাণৰ সোণ । শুল্ক বিভাগে কিছুমান সোণৰ টেবলেট আৰু ইলেকট্ৰনিক সামগ্ৰীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১৯.৮৫ লাখ টকাৰ সোণ ।

বিভাগটোৱে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি অনুসৰি ১০ মাৰ্চত ডুবাইৰ পৰা অহা এজন যাত্ৰীৰ পৰা শুল্ক আইনৰ অধীনত প্ৰায় ৬.৮৫ লাখ মূল্যৰ চাৰিটা আইফোন ১২ প্ৰ', ছয়টা এয়াৰপড প্ৰ', ছয়টা এপল ঘড়ী আৰু পাঁচটা পুনৰ নিৰ্মাণ কৰা লেপটপৰ সৈতে ২৮১ গ্ৰাম সোণ উদ্ধাৰ কৰে ।

বিবৃতি মতে অভিযুক্ত মহম্মদ ৰিয়াছে ডুবাইৰ পৰা আহিছিল আৰু সোণ বহন কৰাৰ সন্দেহত এয়াৰ ইণ্টেলিজেঞ্চ ইউনিটৰ (এআইইউ) বিষয়াই তেওঁক প্ৰস্থানত বাধা দিছিল । প্ৰশ্ন কৰাৰ পিছত তেওঁ শংকিত হোৱা দেখা গৈছিল আৰু সোণৰ লেপ লগোৱা টেবলেট গিলি সোণ সৰবৰাহ কৰাৰ কথা স্বীকাৰ কৰিছিল ।

ৰিয়াছৰ পেটৰ ভিতৰৰ পৰা সোণৰ টেবলেটবোৰ উলিয়াবলৈ লগে লগে ষ্টেনলী চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় । এসপ্তাহৰ অন্তত ৰিয়াছৰ পেটৰ পৰা ৩৭২ গ্ৰামৰ ৩৪ টা চিলিণ্ড্ৰিকেল টেবলেট উদ্ধাৰ কৰা হয় । ঘটনা সন্দৰ্ভত তদন্ত এতিয়াও অব্যাহত ৰাখিছে শুল্ক বিভাগে ।

লগতে পঢ়ক:"দিদি বোলে খেলা হ'বে, খেলা ছেছ হ'বে, বিকাশ আৰম্ভ হ'বে": মোডী

ABOUT THE AUTHOR

...view details