অসম

assam

COVID-19 হাস্পতালত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিল্লী চৰকাৰৰ

By

Published : Jun 27, 2020, 10:14 AM IST

দিল্লীত দ্ৰুত গতিত মহামাৰী কৰ'ণা বৃদ্ধি পোৱা সময়তে শুকুৰবাৰে দিল্লী চৰকাৰে COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে সমৰ্পিত হাস্পতাল সমূহত চিচিটিভি স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। ৰোগীৰ সুৰক্ষা তথা সঠিক ৰূপত চোৱা চিতা কৰা হৈছে নে নাই সেয়া সন্দৰ্ভত নজৰ ৰাখিবৰ বাবেই হাস্পতালৰ বাৰ্ড সমূহত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে দিল্লী চৰকাৰে ।

COVID-19
COVID-19 হাস্পতালত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিল্লী চৰকাৰৰ

নিউজ ডেস্ক, ২৭ জুনঃ দিল্লী চৰকাৰে শুকুৰবাৰে COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে সমৰ্পিত হাস্পতাল সমূহত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে ।

COVID-19 হাস্পতালত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিল্লী চৰকাৰৰ

এক বিবৃতিত সদৰি কৰা অনুসৰি,সকলো COVID-19ত ৰোগীৰ বাবে সমৰ্পিত হাস্পতাল সমূহত ৰোগীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হ'ল। পিডাব্লিউক ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষক সহায়ৰ বাবে শীঘ্ৰে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে । হাস্পতালৰ বাৰ্ড সমূহত ৰোগীসকলক সঠিকভাৱে চোৱা চিতা হৈছে নে নাই তথা ৰোগীক চোৱা চিতাত সঠিক ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেয়া নজৰ দিবলৈয়ে হাস্পতাল সমূহত স্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে চিচিটিভি কেমেৰা ।

লগতে এই চিচিটিভি কেমেৰা সমূহ নিৰীক্ষণ কৰিবলৈ কোনো বিশেষজ্ঞৰ টীম তথা অন্য সংস্থা নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে দিল্লী চৰকাৰে । লগতে এই হাস্পতাল সমূহত এখন হেল্পডেস্ক প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে । যিয়ে শাৰীৰিক তথা টেলিফোনৰ মাধ্যমেৰে কৰ'ণা আক্ৰান্ত ৰোগীসকলৰ পৰিয়ালক ৰোগীসকলৰ স্বাস্থ্য সন্দৰ্ভত তথ্য যোগান ধৰিব ।

আনহাতে, দিল্লীৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, শুকুৰবৰে দিল্লীক মহামাৰী কৰ'ণাত নতুনকৈ আক্ৰান্ত হয় ৩,৪৬০ গৰাকী ব্যক্তি । যাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ৭৭,২৪০ ৰো অধিক অতিক্ৰম কৰিলে বুলি সদৰি কৰে ।

লগতে পঢ়কঃ ড্ৰেগন ফলৰ খেতিৰে আত্মনিৰ্ভশীলতাৰ নিদৰ্শন যুৱকৰ

ABOUT THE AUTHOR

...view details