অসম

assam

এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয় ভিতৰত ভাৰতীয় আঠখন বিশ্ববিদ্যালয় ৰেংকিং লাভ

By

Published : Jun 9, 2020, 4:24 PM IST

ব্ৰটিছ এজেঞ্চি THEৰ ৰেংকিং অনুসৰি ভাৰতীয় বিশ্ববিদ্যালয় সমূহৰ আঠখন বিশ্ববিদ্যালয়ে এছিয়া মহাদেশৰ ১০০ খন বিশ্ববিদ্যালয় ভিতৰত ৰেংকিং লাভ কৰিবলৈ সক্ষম হয় ।

asian-university-rankings-2020-8-indian-institutes-among-the-top-100-indian-institutes
এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয় ভিতৰত ভাৰতৰ অাঠখনৰ ৰেংকিং লাভ

নিউজ ডেস্ক , ৯ জুনঃ এছিয়া মহাদেশৰ বিশ্ববিদ্যালয় সমূহৰ ২০২০ বষৰ ৰেংকিং গণনা কৰা ব্ৰটিছ এজেঞ্চি “Times Higher Education”(THE) মতে ভাৰতবৰ্ষৰ আঠখন বিশ্ববিদ্যালয় ১০০ খন এছিয়াৰ বিশ্ববিদ্যালয় সমূহৰ ভিতৰত নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে ।

এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয় ভিতৰত ভাৰতীয় আঠখন বিশ্ববিদ্যালয় ৰেংকিং লাভ

এছিয়াৰ ১০০ খন বিশ্ববিদ্যালয় মাজত নিজৰ নাম ৰাখিবলৈ সক্ষম হোৱা ভাৰতীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত ৬ খন IITৰ নাম অন্তভুক্ত হৈছে দিল্লী ,খৰগপুৰ ,ৰ'পাৰ,ইন্দোৰ,কানপুৰ,আৰু ৰ'ৰকি বিশ্ববিদ্যালয়ে ।

এই বছৰ ভাৰতী IIT সমূহৰ ভিতৰত দিল্লী আৰু খৰকপুৰে উন্নত মানদন্দৰ বাবে দিল্লী ৬৭আৰু খৰকপুৰে ৫৯নং ৰেংকিং পাবলৈ সক্ষম হৈছে ।

ইপিনে ভাৰতী IIScৰ বেংগালুৰুত থকা বিশ্ববিদ্যালয় খনৰ ৰেংকিং তললৈ নামে যদিও ১০০খন এছিয়াৰ বিশ্ববিদ্যালয় সমূহৰ মাজত নিজৰ ৩৬ ৰেংকিঙৰে নাম ৰাখিবলৈ সক্ষম হৈছে । আনহাতে IIT ৰ'পাৰে তাৎপৰ্যপূৰ্ণভাৱে ৪৭ ৰেংকিং পাবলৈ সক্ষম হয় ইপিনে যােৱা বছৰ নামে নাছিল ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আৰু ইন্দোৰ IITয়ে ৫৫ ৰেংকিং পাবলৈ সক্ষম হয় ।

লক্ষণীয় ভাৱে Institute of Chemical Technologyয়ে পোন প্ৰথম বাৰৰ বাবে নিজৰ নাম ৰাখি ৯৭ নং ৰেংকিং পাবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে ভাৰতীয় শিক্ষা ব্যৱস্থাই দেশীয় ভাৱেই নহয় বিশ্বতে নিজৰ শিক্ষা ব্যৱস্থা উন্নত হোৱাৰ পৰিচয় বহন কৰাৰ লগতে বিশ্বৰ বিভিন্ন উন্নত বিশ্ববিদ্যালয় লগত ফেৰ মাৰিব পাৰা হৈছে বুলি উল্লেখ কৰে ব্ৰটিছ এজেঞ্চিৰ বিষয়া ফিল বেটিয়ে ।

আনহাতে এছিয়াৰ ‍১০০খন বিশ্ববিদ্যালয় ভিতৰত শীষ পাঁচ নম্বৰ ৰেংকিং লাভ কৰা বিশ্ববিদ্যালয় সমূহ হৈছে টিছিঙহোৱা বিশ্ববিদ্যালয় আৰু পেকিং বিশ্ববিদ্যালয় দুয়োখন চীন দেশৰ ,নেচনেল বিশ্ববিদ্যালয় ছিংগাপুৰ ,হংকং বিশ্ববিদ্যালয় আৰু দ্যা হংকং বিজ্ঞানআৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়

লগতে চাওকঃ শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন

ABOUT THE AUTHOR

...view details