ETV Bharat / state

শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন

author img

By

Published : Jun 9, 2020, 3:08 PM IST

অনতিপলমে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলি কৰি নিদিলে অনাগত সময়ত জংগীৰ পৰা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সকলে ৷

Hunger strick at Jorhat demanding permission to re open the Gym centre
শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন

যোৰহাট, 9 জুন: দেশজুৰি বাহাল থকা লক ডাউনৰ বাবে বিগত ৭৬ দিন বন্ধ হৈ আছে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ ৷ যাৰ বাবে তীব্ৰ অৰ্থ সংকটত পৰিছে শৰীৰ চৰ্চা কেন্দ্ৰ সমুহৰ মালিক তথা প্ৰক্ষিশক সকল ৷ ইতিমধ্যে লক ডাউন পঞ্চম চলি থকাৰ সময়ত শ্বপিং মল,ৰেষ্টোৰেন্ট, পাৰ্লাৰ আদি পুনৰ মুকলি কৰিবৰ বাবে অনুমতি দিয়া হৈছে যদিও শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ মুকলি কৰিবলৈ দিয়া নাই ৷ উপায়হীন হৈ ইয়াৰ উচিত সমাধানৰ দাবীৰে মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ শৰীৰৰ চৰ্চা কেন্দ্ৰৰ মালিক আৰু প্ৰশিক্ষকসকলে ৷

শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলিৰ দাবীৰে যোৰহাটত অনশন

উল্লেখ্য যে,শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহৰ সৰহ ভাগেই ভাড়া ঘৰত চলি থকা ৷ বিগত ৭৬ দিন বন্ধ হৈ থকাৰ ফলত এতিয়া ভাড়া দিবলৈ অপৰাগ হৈ পৰিছে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহৰ মালিকসকলে ৷ লগতে অৰ্থ সংকটত পৰিছে শৰীৰৰ চৰ্চা কেন্দ্ৰৰ মালিক আৰু প্ৰশিক্ষক সকল ৷ ইয়াৰ উপযুক্ত বিচাৰ কৰিবৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে প্ৰতিবাদকাৰী সকলে ৷ অনতিপলমে শৰীৰৰ চৰ্চা কেন্দ্ৰ সমুহ পুনৰ মুকলি কৰি নিদিলে অনাগত সময়ত ইয়াতকৈ জংগীৰ পৰা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সকলে ৷

লগতে পঢ়কঃ মহানগৰীত কোভিড-19ত আক্ৰান্ত চিকিৎসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.