অসম

assam

অৰ্কেষ্ট্ৰা নৃত্যশিল্পীক ধৰ্ষণ দুই নিচাসক্ত যুৱকৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 9:34 AM IST

Mirzapur Rape Incident: মিৰ্জাপুৰত এগৰাকী অৰ্কেষ্ট্ৰা নৃত্যশিল্পীক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগীগৰাকীয়ে আৰক্ষী থানাত দুই যুৱকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

archestra dancer gang raped
আৰ্চেষ্ট্ৰা নৃত্যশিল্পীক দলবদ্ধ ধৰ্ষণ দুই যুৱকৰ

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী :উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত জঘন্য ঘটনা সংঘটিত হৈছে ৷ মিৰ্জাপুৰৰ লালগঞ্জত এগৰাকী অৰ্কেষ্ট্ৰা নৃত্যশিল্পীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

মিৰ্জাপুৰৰ হালিয়া আৰক্ষী থানা অঞ্চলত বাস কৰা 14 বছৰীয়া কিশোৰীক দুই যুৱকে ধৰ্ষণ কৰে ৷ দুই যুৱক অৰ্কেষ্ট্ৰা পৰিচালকৰ বন্ধু বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, কিশোৰীগৰাকীয়ে লালগঞ্জৰ খুড়ীয়েকৰ ঘৰত থাকিছিল ৷ কিশোৰীগৰাকী অৰ্কেষ্ট্ৰাৰ নৃত্যশিল্পী আছিল ৷ কিশোৰীগৰাকীৰ পিতৃয়ে মুম্বাইত বাস কৰে ৷ বুধবাৰে নিশা কিশোৰীগৰাকীৰ খুড়ীয়েকৰ ঘৰত কোনো নাছিল ৷ তেওঁৰ খুড়ীয়েকৰ পুত্ৰ অৰ্কেষ্ট্ৰা নৃত্যৰ পৰিচালক আছিল ৷

সেইনিশা খুড়ীয়েকৰ পুত্ৰৰ নিজ ঘৰতেই কোনো নথকাৰ বাবে দুই বন্ধুক পাৰ্টী কৰিবলৈ মাতিছিল ৷ তেওঁলোকে ঘৰতেই সুৰাৰ পাৰ্টী কৰিছিল ৷ পাৰ্টীৰ মাজতেই দুই বন্ধুৱে নিচাসক্ত অৱস্থাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল ৷ কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ পিচতো দুই বন্ধুৱে অসৎ অভিপ্ৰায় সিদ্ধি কৰিছিল ৷ এই ঘটনাৰ পিচতে কিশোৰীগৰাকীয়ে লালগঞ্জ আৰক্ষীৰ ওচৰত এক অভিযোগ দাখিল কৰিছে আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

লালগঞ্জ চক্ৰৰ চিঅ’ মঞ্জৰী ৰাৱে ঘটনা সন্দৰ্ভত কয় যে, হালিয়া আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱৰ বাসিন্দা 14 বছৰীয়া কিশোৰীগৰাকীয়ে অৰ্কেষ্ট্ৰাত কাম কৰে ৷ কিশোৰীগৰাকীৰ খুড়াকৰ পুত্ৰৰ বন্ধু ঝাংগুৰ আৰু জিতেন্দ্ৰই কিশোৰীগৰাকীক নিচাগ্ৰস্ত অৱস্থাত ধৰ্ষণ কৰিছিল । বৃহস্পতিবাৰে কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰা হৈছে । এই সমগ্ৰ ঘটনাৰ পিচতে ঘটনাৰ পিচতে অৰ্কেষ্ট্ৰা পৰিচালক আৰু দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোধা-পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

ABOUT THE AUTHOR

...view details