ETV Bharat / state

গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 8:26 PM IST

Guwahati Lok Sabha Constituency: ঘনাই সলনি হৈছে প্ৰাক্ নিৰ্বাচনী দৃশ্যপট ৷ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এইবাৰ চৰ্চিত হৈছে সৰ্বানন্দ সোণোৱালৰ নাম ৷ নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি সোণোৱালেই হ’ব গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৷

Sarbananda Sonowal
সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ৪ ডিচেম্বৰ : ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে অসমৰ ক্ষেত্ৰত অতি সন্তৰ্পণে আগবাঢ়িছে বিজেপি ৷ কোনো কাৰণতে ক’তো সুৰুঙা এৰিব বিচৰা নাই বিজেপিয়ে ৷ প্ৰয়োজনত যিকোনো হাই প্ৰফাইল নেতাক যিকোনো সমষ্টিতে অসমত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাবলৈ সাজু বিজেপি ৷

শেহতীয়াকৈ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লৈ ৷ এবাৰ যদি ডিব্ৰুগড়ত, এবাৰ লখিমপুৰত সৰ্বানন্দ সোণোৱালক বিজেপিয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ কৰাব বুলি চৰ্চা অব্যাহত আছে ৷ তাৰ মাজতে আহিছে আন এক গুৰুত্বপূৰ্ণ খবৰ ৷

গুৱাহাটী লোকসভা সমষ্টিৰ বাবে বিজেপি আৰু বিজেপিৰ মাৰ্গ দৰ্শক আৰএছএছে শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সাপেক্ষে গুৱাহাটীত সৰ্বানন্দ সোণোৱালক ২০২৪ৰ লোকসভাৰ ৰণত নমোৱাৰ পৰিকল্পনা কৰিছে ৷ মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতিলৈকে বিজেপিৰ নেতৃত্বই ২০২৪ত লোকসভা নিৰ্বাচনত অসমত দলটোৱে ১২ খল আসনত বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব বুলি দাবী জনাই আহিছে ৷

অসমত যাতে বিজেপিৰ ইপ্সিত আসনৰ সংখ্যা নকমে তাৰ বাবে সকলো প্ৰকাৰে কেবাতৰপীয়া পৰিকল্পনা বিজেপিৰ ৷ অহা ৮ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ বাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ঘনে ঘনে বহিছে বিজেপি আৰু আৰএছএছৰ বৈঠক ৷ সলনি হৈছে পৰিকল্পনা ।

লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটক লৈ প্ৰস্তুত কৰিছে বিশেষ পৰিকল্পনা ৷ তিনিওটা সমষ্টিতে বৰ্তমানৰ তিনি বিজেপি সাংসদৰ পৰিৱৰ্তে নতুন প্ৰাৰ্থী দেখিবলৈ পালেও একো আচৰিত হ’বলগীয়া নহ’ব ৷ সৰ্বানন্দ সোণোৱাল সম্প্ৰতি 2021ৰ পৰা ৰাজ্যসভাৰ সদস্যৰূপে কেন্দ্ৰীয় মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে । তেনে পৰিস্থিতিত কি কাৰণত সোণোৱালক লোকসভালৈ নিৰ্বাচিত কৰি পঠিয়াব বিচাৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ কিন্তু চৰ্চা অনুসৰি নিৰ্বাচন জিকিব পৰা এখন মুখ সৰ্বানন্দ সোণোৱাল ।

আনহাতে ৰাজ্যসভাত আন বিজেপি নেতাক প্ৰতিষ্ঠাৰ বাবে আসনখন খালী কৰোৱাটোও প্ৰয়োজনীয় বুলি বিজেপি আৰু আৰএছএছৰ যুক্তি । লগতে বিষয়টোত জড়িত হৈ আছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ ৰজানীতিও ৷ কিন্তু পৰিকল্পনাৰ দৰে কথাটো ইমান সহজো হৈ থকা নাই ৷ কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ একাধিক গুৰুত্বপূৰ্ণ দায়িত্বত আছে সৰ্বানন্দ সোণোৱাল ৷

বিজেপিৰ ভিতৰুৱা তথ্য অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমোৱাৰ পৰিকল্পনা কৰিছে বিজেপি আৰু আৰ এছ এছে ।

ইমান দিনে গুৱাহাটী লোকসভা সমষ্টিত এগৰাকী মহিলা প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই বেছি আছিল যদিও ৰাজনৈতিক প্ৰেক্ষাপটত সেয়া যেন সলনি হৈছে । এইবাৰ সৰ্বানন্দ সোণোৱালক গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰার্থী হিচাবে লোকসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিব পাৰে বুলি বিজেপিৰ আভ্যন্তৰত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

শেহতীয়াভাৱে আকস্মিকভাৱে গুৱাহাটীত তৎপৰতা দেখা গৈছে সৰ্বানন্দ সোণোৱালৰ ৷ কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি উগ্ৰতাৰা মন্দিৰলৈ একেদিনাই দৰ্শন কৰিছে সোণোৱালে ৷ বিজেপিৰ সংসদীয় পৰিষদ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্য তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব খোজাৰ আঁৰৰ কাৰণ হিচাবে ক’ব খোজা হৈছে যে সমষ্টি পুনৰ নির্ধাৰণৰ পিচত গুৱাহাটী লোকসভা সমষ্টিৰ ভোটৰ গঠন সলনি হোৱাটো ৷

গুৱাহাটী সমষ্টিত আছে জনজাতি অধ্যুষিত বকো, দুধনৈ, ডিমৰীয়া, দিছপুৰ আদি ৷ তাৰ উপৰি গুবাহাটী লোকসভা সমষ্টিত ধর্মীয় সংখ্যালঘু বসতিপ্ৰধান পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি নতুনকৈ অন্তর্ভুক্ত হোৱাৰ বিপৰীতে সংখ্যালঘু বসতিপ্ৰধান ছমৰীয়া বিধানসভা সমষ্টিও আছে গুৱাহাটীতে । সেয়ে গুৱাহাটী লোকসভা সমষ্টি পূৰ্বৰ দৰে সহজ হৈ থকা নাই বিজেপিৰ বাবে ৷

এতিয়া গুৱাহাটীত বিজেপিৰ বাবে প্ৰয়োজনীয় এখন সহজ জয়ৰ মুখৰ ৷ সদ্য অৱসৰপ্ৰাপ্ত শীৰ্ষ সেনা বিষয়া ৰাণা প্ৰতাপ কলিতাৰ নাম গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰূপে চৰ্চিত হৈছিল যদিও জানিব পৰি মতে ভোটযুদ্ধৰ বাবে আগ্ৰহী নহয় প্ৰাক্তন সেনা বিষয়াগৰাকী ৷ সেয়ে গুৱাহাটীৰ সাম্ভাব্য প্ৰাৰ্থীৰূপে ব্যাপক চৰ্চাত আছে সৰ্বানন্দ সোণোৱাল ।

কিন্তু নিৰ্বাচনলৈ এতিয়াও কেবামাহো বাকী ৷ অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ল’ব একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কেৱল গুৱাহাটীয়েই নহয় বৰ্তমানৰ ৯ গৰাকী বিজেপি সাংসদৰ ৬ৰ পৰা ৭ গৰাকীকেই বিজেপিয়ে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা তেনেই কম বুলি বিজেপিৰ তৃণমূল কৰ্মীও পতিয়ন গৈছে ইতিমধ্যে ৷ তেনে প্ৰেক্ষাপটত এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে বিজেপিৰ ৰণকৌশলৰ ওপৰত ৷

লগতে পঢ়ক: বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.