অসম

assam

চচলত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:25 PM IST

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, 7 ফেব্ৰুৱাৰী: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিন ৷ আজি তৃতীয় দিনা নায্য প্ৰাপ্তিৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল চচলৰ ধৰ্ণাস্থলী ৷ চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সংস্থাই দিনৰ ১১ বজাৰ পৰা চচলত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কার্যসূচী ৰূপায়ণ কৰে । 

প্ৰতিবাদী ৰন্ধন কৰ্মচাৰীসকলে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি ৫০০০ টকালৈ বৃদ্ধি কৰা, ১০ মাহৰ পৰিৱৰ্তে ১২ মাহলৈ মাননি আদায় দিয়াৰ ব্যৱস্থা কৰা, মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবী তুলি মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদকাৰী মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীসমূহ মানি নল’লে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Mid Day Meal Worker Protest :বিভিন্ন সমস্যা সমাধানৰ দাবীত সৰুপথাৰত প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details