অসম

assam

ভূপেন কুমাৰ বৰা আৰু দেৱব্ৰত শইকীয়ালৈ CID ৰ চমন

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 6:05 PM IST

Updated : Feb 26, 2024, 7:47 PM IST

CID summons to APCC president
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ CID ৰ চমন

CID summons to APCC president : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়ালৈ CID ৰ চমন জাৰি ৷ ভূপেন কুমাৰ বৰাক ২ মাৰ্চত দিনৰ ১১.৩০ বজাৰ লগতে শইকীয়াক ১ মাৰ্চত ১১.৩০ বজাত CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে ।

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কংগ্ৰেছৰ মহানগৰী সমিতিৰ সাধাৰণ সম্পাদক ৰমেন কুমাৰ শৰ্মালৈ CID ৰ চমনৰ পিচতে এইবাৰ CID ৰ ৰোষত পৰিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিগৰাকীলৈ সোমবাৰে CID য়ে চমন জাৰি কৰে । ন্যায় যাত্ৰাত খানাপাৰাত সৃষ্টি হোৱা পৰিস্থিতিক লৈ চমন জাৰি কৰা হৈছে সভাপতি আৰু দলপতিগৰাকীৰ বিৰুদ্ধে । চমনত উল্লেখ কৰা অনুসৰি ভূপেন কুমাৰ বৰাক ২ মাৰ্চত দিনৰ ১১.৩০ বজাত CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা দিছে লগতে শইকীয়াক ১ মাৰ্চত ১১.৩০ বজাত CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশনা দিয়া হৈছে ।

CID ৰ চমন

উল্লেখ্য যে, যোৱা ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্রা সম্পন্ন হৈছিল । এই ন্যায় যাত্ৰা ৰুধিবলৈ মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰিছিল । তাৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্রেছ নেতা-কর্মীয়ে বেৰিকেড ভাঙে । ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷ আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন কুমাৰ বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হৈছিল ।

CID ৰ চমন

পৰৱৰ্তী সময়ত ৰাজহুৱা সেৱকৰ আইনী আদেশ অমান্য কৰা, অনুমতিৰ চৰ্ত উলংঘা কৰা, চৰকাৰী কৰ্মচাৰীক বৈধ কৰ্তব্য পালন কৰাৰ সময়ত বাধা দিয়া আৰু চৰকাৰী চাকৰিয়ালৰ ওপৰত আক্ৰমণৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, কে.চি. বেনুগোপাল, জয়ৰাম ৰমেশ, শ্ৰীনিবাস বি ভি, কানহাইয়া কুমাৰ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, ভূপেন কুমাৰ বৰা, জাকিৰ হুছেইন ছিকদাৰ, ৰমেন কুমাৰ শৰ্মাৰ বিৰুদ্ধে মহানগৰীৰ বশিষ্ঠ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)১৪৩/১৪৭/১৮৮/২৮৩/৩৫৩/৩৩২/৩৩৩/৪২৭ আৰু পিডিপিপি আইনৰ ৩ নং ধাৰাত ৫৫/২৪ নম্বৰত মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰে । সম্প্ৰতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোচৰটো CID লৈ হস্তান্তৰ কৰা হয় ৷

লগতে পঢ়ক:100 টকা উৎকোচ লৈ নিলম্বিত মহিলা আৰক্ষী

Last Updated :Feb 26, 2024, 7:47 PM IST

ABOUT THE AUTHOR

...view details