ETV Bharat / state

100 টকা উৎকোচ লৈ নিলম্বিত মহিলা আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 4:51 PM IST

Police suspended for taking bribe : ১০০ টকা উৎকোচ লোৱাৰ বাবে মৰিগাঁৱত এগৰাকী মহিলা আৰক্ষীক নিলম্বন কৰা হৈছে । ধৰ্ষিতা কিশোৰীৰ মাতৃৰ পৰা গোচৰৰ তদন্তৰ বাবদ এই ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

Woman police suspended
ভুক্তভোগী মহিলাৰ পৰা ১০০ টকা লৈ নিলম্বিত মহিলা আৰক্ষী

ভুক্তভোগী মহিলাৰ পৰা ১০০ টকা লৈ নিলম্বিত মহিলা আৰক্ষী

মৰিগাঁও, 26 ফেব্ৰুৱাৰী : ঘোচখোৰ আৰক্ষী ৷ পুনৰ আৰক্ষীৰ কাণ্ডই কালিমা সানিলে খাকী পোচাকত ৷ ভুক্তভোগী মহিলাৰ পৰা ১০০ টকা উৎকোচ লৈ মৰিগাঁৱত এগৰাকী মহিলা আৰক্ষীক নিলম্বন কৰা হৈছে । নিলম্বিত মহিলা আৰক্ষীগৰাকী মৰিগাঁও মিকিৰভেটা আৰক্ষীৰ থানাৰ মহিলা কনিষ্টবল আশালতা বিশ্বাস বুলি জানিব পৰা গৈছে ৷ আৰক্ষী অধীক্ষক হেমন্ত দাসে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দিছে মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যক ।

নিলম্বিত মহিলা কনিষ্টবল আশালতা বিশ্বাসৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই ৷ ঘটনা অনুসৰি, যোৱা 20 ফেব্ৰুৱাৰী দিনা মৰিগাঁও জিলাৰ এখন গাঁৱৰ এগৰাকী 4 বছৰীয়া কন্যা সন্তানক ভাড়াঘৰৰ কোঠাত থৈ মাতৃয়ে নিজা কামলৈ ওলাই গৈছিল ৷ মহিলাগৰাকীয়ে কামৰ পৰা ঘূৰি আহি নিজ কন্যাৰ আচহুৱা আচৰণ দেখি সন্দেহ হোৱাত তেওঁ কন্যাগৰাকীক সোধাপোছা কৰে ৷

কিন্তু শিশুটিয়ে কন্দাকটা কৰে যদিও কোনো উত্তৰ নিদিয়াত মাতৃয়ে তেওঁক অসামৰিক চিকিৎসালয়লৈ লৈ গৈ ঘটনাৰ বিষয়ে চিকিৎসকক কোৱাত চিকিৎসালয়ৰ কৰ্তৃপক্ষই ধৰ্ষণৰ সন্দেহ কৰি মৰিগাঁও সদৰ থানাৰ সহযোগত কণমানিগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ তাৰ পিচতে মাতৃগৰাকীয়ে 22 ফেব্ৰুৱাৰীত মৌখিকভাৱে মিকিৰভিটা আৰক্ষীক সমগ্ৰ ঘটনাৰ কথা অৱগত কৰি শিশুটিয়ে ক’লেই লিখিত এজাহাৰ দিব বুলি জনাই থৈ আহে ৷

তাৰ পিচতে ঘটনাৰ ঘন্দৰ্ভত শিশুটিয়ে 23 ফেব্ৰুৱাৰীত মাতৃক সমগ্ৰ ঘটনা বিৱৰি কয় ৷ শিশুটিয়ে কোৱা অনুসৰি, শিশুটিক ওচৰৰে এজন যুৱকে বহু নিৰ্যাতন কৰি ধৰ্ষণ কৰা বুলি নামসহ কোৱাত লগে লগে মাতৃগৰাকীয়ে মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ওচৰত এখন এজাহাৰ দিবলৈ যায় ৷ কিন্তু ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কোচে ৰহস্যজনক কাৰণত মাতৃগৰাকীৰ এজাহাৰ ল’বলৈ অমান্তি হোৱাৰ লগতে নানা ককৰ্থনা কৰি ভয় ভাবুকিৰে এনেকুৱা গোচৰ দিলে বছৰ বছৰ ন্যায় নাপাবি বুলি কৈ ওলোটাই পঠিয়াই দিয়ে ৷ আনকি 4 বছৰীয়া শিশুৰ কথাত আৰক্ষী নচলে আদি বিভিন্ন কথাৰে গালি শপনি পাৰি মহিলাগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইয়াৰ পিচতে মাতৃগৰাকীয়ে উপায়হীন হৈ Child Line ত ফোন কৰি সবিশেষ কোৱাত মিকিৰিভেটা আৰক্ষীয়ে পুনৰ মহিলাগৰাকীক ফোন কৰি থানালৈ মাতি এজাহাৰ ল’বলৈ মান্তি হয় ৷ পৰৱৰ্তী সময়ত এটা আৰক্ষীৰ দল ঘটনাস্থলীলৈ আহি মহিলাগৰাকীৰ লিখিত অভিযোগ লৈ আৰক্ষীৰ দলটোৱে মহিলাগৰাকীক খৰচ পাতি বিচাৰে । আৰক্ষীৰ এই কথাত মহিলাগৰাকীয়ে এটা ভাড়াঘৰত থাকি দুবেলা দুসাজৰ বাবে হাহাকাৰ কৰা বুলি কৈ তেওঁৰ লগত সেই সময়ত মাত্ৰ ১০০ টকা আছে বুলি কোৱাত আৰক্ষী দলটোত থকা মহিলা কনিষ্টবলগৰাকীয়ে সেই ১০০ টকাটোকে লৈ যায় ।

কিন্তু পৰৱৰ্তী সময়ত এজাহাৰ লৈ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কোচে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়াৰ কাম আগনবঢ়ালে বুলি মহিলাগৰাকীয়ে অভিযোগ তোলে ৷ আনকি ঘটনাটো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে গাপ দিয়াৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷

এতিয়া এই সমগ্ৰ ঘটনাৰ বিষয়ে মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসক মহিলাগৰাকীয়ে 24 ফেব্ৰুৱাৰীত লিখিতভাৱে জনোৱাৰ পিচতে গোচৰটোৰ সকলো প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ সম্প্ৰতি আৰক্ষী অধীক্ষক হেমন্ত দাসে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ দিছে মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যক ।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ জাল পেলাই নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.