অসম

assam

বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ এবিএমছুৰ

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 7:49 AM IST

Irregular power supply :পৰীক্ষাৰ মাজতে কোকৰাঝাৰত বিদ্যুতৰ লুকাভাকু ৷ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান এবিএমছুৰ ৷ পৰীক্ষাৰ ভৰপক সময়তেই কোকৰাঝাৰৰ বিভিন্ন গাঁও অঞ্চলত আৰম্ভ হৈছে বিদ্যুতৰ লুকাভাকু ৷

HS Final Exam 2024
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা

কোকৰাঝাৰ, ১৩ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ বিভিন্ন এলেকাত সঘনাই চলি থকা বিদ্যুতৰ লুকাভাকুক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে ৷ সঘনাই চলি থকা বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি নজৰুল ইছলামৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটি সজাতি দলে সোমবাৰে জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি এবিএমছু নেতা নজৰুল ইছলামে শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি এবিএমছু নেতা নজৰুল ইছলামে শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে বিদ্যালয় -মহাবিদ্যালয় সমূহত পৰীক্ষা সমাগত ৷ লগতে সোমবাৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ ইয়াৰ লগতে প্ৰতিখন বিদ্যালয়ত অচিৰেই আৰম্ভ হ'ব ছাত্ৰ-ছাত্ৰী সকলৰ বছৰেকীয়া পৰীক্ষা ৷ কিন্তু এনে সময়ত কোকৰাঝাৰৰ বিভিন্ন গাঁও অঞ্চলত বিদ্যুতৰ লুকাভাকু আৰম্ভ হৈছে ৷

বিদ্যুতৰ লুকাভাকুত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক সকল অতিষ্ঠ হৈ পৰিছে বুলি মন্তব্য কৰি ছাত্ৰ নেতা নজৰুল ইছলামে কয় যে যি সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নৰ মূল সময় অৰ্থাৎ সন্ধিয়া আৰু ৰাতিপুৱা এই দুয়োটা সময়তে বিদ্যুতৰ লুকাভাকু সঘনাই হৈছে ৷ চৰকাৰে যিমানেই বিদ্যুত নিয়মীয়াকৰণৰ কথা কৈছে সিমানেই কোকৰাঝাৰত বিদ্যুত বিভাগৰ গাফিলতি চলিছে ৷

সেয়ে কালি জিলা আয়ুক্তক স্মাৰকপত্ৰৰ যোগেদি ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন পৰ্যায়ৰ পৰীক্ষা আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলাত নিয়মীয়া বিদ্যুত যোগানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা হৈছে বুলি উল্লেখ কৰে এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি নজৰুল ইছলামে ৷ ইয়াৰ পিছতো বিদ্যুতৰ লুকাভাকু চলি থাকিলে কোকৰাঝাৰ বিদ্যুত বিভাগৰ কাৰ্যালয় ঘেৰাও কৰা সকীয়াই প্ৰদান কৰিছে ছাত্ৰ নেতা গৰাকীয়ে ৷

লগতে পঢ়ক:সৰবৰাহৰ বাবে টকাৰ বিনিময়ত অপহৰণ কৰিছিল মহানগৰীৰ খানাপাৰাৰ ১৮ মহীয়া শিশু

ABOUT THE AUTHOR

...view details