অসম

assam

এওঁলোকৰ বাবেই ধুনীয়া হৈ আছে পৃথিৱীখন... - B BAROOAH CANCER INSTITUTE

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 7:52 PM IST

আজিৰ যান্ত্রিকতাৰ যুগত যেন ক্ৰমাৎ হেৰাই যাব ধৰিছে মানৱীয় গুণবোৰ। তাৰে মাজতে কিছু লোক আছে যি মানৱ সেৱাৰ মাজতেই উপভোগ কৰে জীৱনৰ সৌন্দৰ্য । যিসকল লোকৰ বাবে আজিও ধুনীয়া হৈ আছে পৃথিৱীখন। ই টিভি ভাৰতৰ দৰ্শকক তেনে এজন লোকৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াসেৰে সাংবাদিক মাণিক ৰায়ৰ এক বিশেষ প্ৰতিবেদন-

B BAROOAH CANCER INSTITUTE
অশোক চাড্ডাৰ এখন বিশেষ চাহৰ দোকান

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এখন বিশেষ চাহৰ দোকান

গুৱাহাটী, 18 এপ্ৰিল : বৰ্তমান যান্ত্ৰিকতাৰ যুগত মানুহ ক্ৰমাৎ যেন আত্মকেন্দ্ৰিক হৈ পৰিছে ৷ আজিৰ সময়ত মানুহ নিজক লৈয়ে ব্যস্ত ৷ আনৰ কথা ভাবিবলৈ কাৰো সময় নাই ৷ মানৱ সেৱাই শ্ৰেষ্ঠ সেৱা বুলি কোৱা হয় যদিও আজিৰ সময়ত তাৰ প্ৰতিফলন সহজে দেখিবলৈ পোৱা নাযায় ৷ কাৰণ সকলো 'মই' আৰু 'মোক' লৈ ব্যস্ত ৷ মোবাইল, ইণ্টাৰনেটৰ আজিৰ যুগত মানুহ যন্ত্ৰৰ দৰে হৈ পৰিছে ৷ মানৱীয় গুণবোৰ যেন ক্ৰমাৎ হেৰাই যাব ধৰিছে ৷ এনে এক পৰিৱেশৰ মাজতো কিছু লোক আছে যি মানৱ সেৱাৰ মাজতেই জীৱনৰ সৌন্দৰ্য উপভোগ কৰে ৷ যিসকল লোকৰ এনে মানসিকতাৰ বাবে ধৰিত্ৰী আজিও ধুনীয়া হৈ আছে ৷ আজি আমি ই টিভি ভাৰতৰ দৰ্শকক তেনে এজন লোকৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছো ৷

লোকজনৰ নাম হৈছে অশোক চাড্ডা ৷ গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত আছে তেওঁৰ এখন টি ষ্টল ৷ সাধাৰণতে কৰ্কট ৰোগ বুলি ক'লেই মানুহ ভয়ত শিহঁৰিত হৈ পৰে ৷ এই প্ৰতিষ্ঠানখনলৈ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ হাজাৰ হাজাৰ লোক দৈনিক চিকিৎসাৰ বাবে আহে ৷ সাধাৰণতে কৰ্কট ৰোগৰ চিকিৎসা যথেষ্ট দীঘলীয়া আৰু একো একোজন ৰোগী আৰু ৰোগীৰ আত্মীয় দীঘলীয়া সময়ৰ বাবে প্ৰতিষ্ঠানখনৰে জড়িত হৈ পৰে ৷ ৰোগৰ দুখ-যান্ত্ৰনা লৈ ইয়ালৈ অহা লোকসকলৰ বাবে এই প্ৰতিষ্ঠানখনত আছে অশোক চাড্ডাৰ এখন বিশেষ চাহৰ দোকান ৷ ইয়াত বহুকেইখন দোকান আছে যদিও এই চাহ দোকানখনৰ কথা সুকীয়া ৷ যিখন চাহৰ দোকানত পোৱা যায় চাহ, কফি আৰু মুড়ীৰ লাৰু ৷

দেখাত সাধাৰণ যেন লাগিলেও পুৱাৰ এই চাহ-জলপানৰ যোগান ধৰা দোকানখনত খোৱাৰ বিনিময়ত একো দিব নালাগে ৷ হয়, এই দোকানখনত বিনামূল্যে যোগান ধৰা হয় চাহ, কফি আৰু লাৰু ৷ যাৰ বাবেই এই দোকানখনক বিশেষ বুলি কোৱা হৈছে ৷ এই দোকানখনৰ আঁৰত থকা অশোক চাড্ডা এজন অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৷ বয়সে শৰীৰটোক কিছু দুৰ্বল কৰিলেও কিন্তু তেওঁ মানসিকভাৱে যথেষ্ট শক্তিশালী ৷ খোজকঢ়াত অসুবিধা হোৱা সত্বেও তেওঁ দৈনিক পুৱা 9.30 বজাৰ পৰা 12.30 বজালৈ কৰ্কট প্ৰতিষ্ঠানখনত উপস্থিত হৈ সেৱা আগবঢ়াই আহিছে ৷ বিগত প্ৰায় দুটা বছৰ ধৰি তেওঁ পুৱাৰ ভাগত এনেদৰে প্ৰতিষ্ঠানখনলৈ অহা ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ লগতে প্ৰতিষ্ঠানখনৰ লোকসকলক বিনামূল্যে চাহ, কফি আৰু লাৰুৰে আপ্যায়ন কৰি আহিছে ৷

চাহ, কফি প্ৰস্তুত কৰি লাৰুৰে আপ্যায়ন কৰাৰ বাবে তেওঁ এজন লোকো ৰাখিছে ৷ মানৱ সেৱাৰ মাজতে তেওঁ এজন লোকক সংস্থাপনো দিছে ৷ দৈনিক পাঁচশৰো অধিক লোকক তেওঁ আপ্যায়ন কৰে ৷ ইয়াৰ বাবদ দৈনিক তিনি হাজাৰো অধিক টকা ব্যয় হয় ৷ ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে এই সেৱাৰ বিনিময়ত তেওঁ এটা শকত অংকৰ ধন ব্যয় কৰে ৷ এইক্ষেত্ৰত তেওঁক তেওঁৰ পুত্ৰ আৰু বোৱাৰীয়ে সহায় কৰে ৷ এই কাৰ্যৰ দ্বাৰা তেওঁলোকে লাভ কৰে অপাৰ মানসিক আনন্দ ৷ কোনো ধৰণৰ প্ৰচাৰ নাইবা মানুহক জনাই বাঃ বাঃ লোৱাৰ বিপৰীতে নীৰৱে তেওঁ এই সেৱা আগবঢ়াই গৈছে ৷

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পুৰণি বিল্ডিঙৰ এটা কোণত তেওঁ নিজৰ টি ষ্টলখন লগাই এই সেৱা চলাই গৈছে ৷ কেৱল সেয়াই নহয় বহু সময়ত বহু দৰিদ্ৰ ৰোগীক ঔষধ ক্ৰয়ৰ বাবে তেওঁ আৰ্থিকভাৱে সহায়ো কৰি আহিছে ৷ কোনোবা লোকে বিপদত পৰি সহায় বিচাৰিলে যিমান পাৰে সহায় কৰে বুলি তেওঁ জানিবলৈ দিয়ে ৷ মা কামাখ্যাৰ আশীৰ্বাদত যিমান দিন পাৰে সিমান দিনলৈ এই সেৱা কৰি যাব বুলি তেওঁ কয় ৷ চিকিৎসাৰ বাবে প্ৰতিষ্ঠানখনলৈ অহা বহু ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ বাবে এই টি ষ্টলখন বিশেষভাৱে পৰিচিত ৷ লগতে পৰিচিত প্ৰতিষ্ঠানখনৰ চিকিৎসক-নাৰ্চকে ধৰি আন কৰ্মচাৰীসকলৰ বাবে ৷ কাৰণ পুৱাৰ চাহকাপ অতি আত্মীয়তাৰে বিনামূল্যে ইয়াত পোৱা যায় ৷ মানৱীয়তাৰ উজ্জ্বল নিৰ্দশন দাঙি ধৰা অশোক চাড্ডাৰ দৰে আৰু লোক এনেদৰে ওলাই আহিলে হয়তো আৰু বহু লোক উপকৃত হ'ব ৷ লগতে মানুহৰ পৃথিৱীখন আৰু অধিক সুন্দৰ হৈ পৰিব ৷

লগতে পঢ়ক :২০২৪ চনৰ টাইমৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত স্থান লাভ কৰা ভাৰতীয়সকল - TIMEs 100 Most Influential

ABOUT THE AUTHOR

...view details