গুৱাহাটীৰ, ৫ মে' :আজি (দেওবাৰ) বিয়লি ৫ বজাত অন্ত পৰিব ৭ মে’ত হ’বলগীয়া অসমৰ ৪ টা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটৰ প্ৰচাৰ অভিযান । আজি নিজ নিজ সমষ্টিত প্ৰচাৰৰ সামৰণি মাৰিব লাগিব প্ৰাৰ্থীসকলে ৷ বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত শেষ স্পৰ্শ দিয়াত পুৱাৰে পৰা ব্যস্ত প্ৰাৰ্থী, দলসমূহৰ নেতা-কৰ্মী ।
কেৱল অসমতে নহয় সমগ্ৰ দেশৰ মুঠ ১২খন ৰাজ্যৰ ৯৪ টা লোকসভা সমষ্টিত ৭ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ এই ৯৪ টা সমষ্টিতে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী আজি আবেলি ৫ বজাত প্ৰচাৰ অভিযান সামৰণি মাৰিব লাগিব সকলোৱে ।
চৰ্চাত কোন কোন প্ৰাৰ্থী ?
৭মে’ৰ দিনা গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী - এই চাৰিও সমষ্টিতে মুঠ ৪৭ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ।
ধুবুৰী সমষ্টি :-
ধুবুৰী লোকসভা সমষ্টিত ১৩ জনকৈ প্ৰাৰ্থী থাকিলেও সমষ্টিটোত দুই হেভীৱেট প্ৰাৰ্থী কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল ৷ দুয়োজনৰ বাকযুদ্ধ, আক্ৰমণ-প্ৰত্যাক্ৰমণে সমগ্ৰ অসমৰে দৃষ্টি আক্ৰমণ কৰিবলৈ সক্ষম হৈছে ।
ৰকিবুল হুছেইনৰ হৈ প্ৰিয়ংকা গান্ধীয়ে জনসভা কৰাৰ উপৰিও গৌৰৱ গগৈ অখিল গগৈ আদিয়েও প্ৰচাৰ চলোৱা দেখা গ’ল । বিশেষকৈ অখিল গগৈৰ সভাসমূহত দেখা গ’ল বিপুল জনসমাগম । আনহাতে, বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল কট্টৰ মুছলিমপন্থী ৰাজনীতিক বুলি পৰিচিত হায়দৰাবাদৰ সাংসদ AiMIM ৰ নেতা আচাদউদ্দিন ওৱাইছি ।
তৃতীয়জন চৰ্চাত থকা প্ৰাৰ্থী হ’ল বিজেপিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক জাভেদ ইছলাম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি অগপ সভাপতি, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত আদিয়ে জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলালে ৷ প্ৰাক্তন কোচ ৰাজবংশী ছাত্ৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছ নেতা বিশ্বজিৎ ৰায়ো ধুবুৰীৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৷ কিন্তু প্ৰচাৰেই চলোৱা দেখা নগ’ল বিশ্বজিৎ ৰায়ে ৷ এক কথাত চৰ্চালৈয়ে নাহিল তেওঁৰ প্ৰাৰ্থিত্ব ।
গুৱাহাটী :-
কি বিজেপি, কি কংগ্ৰেছ সকলোৰে বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে গুৱাহাটী লোকসভা সমষ্টি ৷ গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপিৰ বিজুলি কলিতাৰ মাজত যুঁজখন মূলত আৱদ্ধ থকা দেখা গৈছে ।
আজি গুৱাহাটীৰ ৰাজপথত মীৰা-বিজুলীৰ শক্তি প্ৰদৰ্শন :
প্ৰচাৰৰ অন্তিম দিনা গুৱাহাটী মহানগৰীত কংগ্ৰছে আৰু বিজেপি দুয়োটা দলেই উলিয়ালে নিৰ্বাচনী ৰেলী । আজি BJYM ৰ উদ্যোগত গুৱাহাটীত উলিওৱা হয় বিশাল বাইক ৰেলী । বিজুলী কলিতা মেধিৰ সমৰ্থনত বাইক ৰেলীত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
খানাপাৰাৰ পৰা লতাশিল খেন পথাৰলৈ বাইক ৰেলীৰে বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটীত শক্তি প্ৰদৰ্শনৰে ভোট যুদ্ধৰ প্ৰচাৰত শেষ পৰশ যেন বিজেপিৰ । আনহাতে গুৱাহাটীৰ এবিচিস্থিত ৰাজীৱ ভৱনৰ পৰা দিশপুৰৰ কংগ্ৰেছৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ মীৰা বৰঠাকুৰৰ হৈ কংগ্ৰেছৰ আজি এক ৰেলীৰে শেষ দিনৰ প্ৰচাৰ অভিযান ৷ অগপৰ যুৱ পৰিষদেও গুৱাহাটীত উলিয়াই বিজুলী কলিতা মেধিৰ সমৰ্থনত বাইক ৰেলী ৷
আনহাতে, গুৱাহাটীত ফাচী বজাৰ হৈ পৰিল কংগ্ৰেছ-বিজেপি দুয়োটাৰে বাবে এইবাৰ প্ৰচাৰত হৈ পৰিল আকৰ্ষণৰ কেন্দ্ৰ বিন্দু । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ দুয়োৱেই ফাচী বজাৰত হিন্দী ভাষণেৰে হিন্দীভাষিক ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলোৱা দেখা গৈছিল । আগদিনা কংগ্ৰেছৰ গৌৰৱ গগৈৰ প্ৰচাৰ সভা আৰু ঠিক তাৰ পিছদিনাই মুখ্যমন্ত্ৰীৰ সভা দেখা গ’ল ফাচী বজাৰত ৷
বৰপেটা :-
বৰপেটাত এইবাৰ চৰ্চাত আছে তিনি প্ৰাৰ্থী -
১/ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চোধুৰী