ডিব্ৰুগড় ২৬ মাৰ্চ:আজি মনোনয়ন দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ লগতে অসম গণ পৰিষদ আৰু UPPL দলৰ নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।
সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিলৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি নেতৃত্বই । বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ বাবে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ পৰাই দলীয় কৰ্মীসকল আহি পদযাত্ৰাত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ।