অসম

assam

বড়ো-অবড়ো বুলি বিজেপিত কোনো শব্দ নাই : ৰণজিৎ কুমাৰ দাস

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 8:06 PM IST

সমাগত লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ বিজেপি ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

BJP election office in Kokrajhar
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

কোকৰাঝাৰ, ১৪ ফেব্ৰুৱাৰী : আসন্ন লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে বিজেপি ৷ ইয়াৰে অংশ ৰূপে বুধবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে কোকৰাঝাৰত দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ ক্লাষ্টাৰ ইনচাৰ্জ হিচাপে দায়িত্বত থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যলয়তে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলা বিজেপিৰ বিষয়ববীয়া, বিজেপিৰ পাৰিষদ আদিৰ সৈতে এক বৈঠকত মিলিত হয় ।

এই বৈঠকৰ অন্তত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়," বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃবৰ্গ আৰু ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব । কিন্তু আমি সিদ্ধান্তৰ বাবে ৰৈ থকা নাই । ৰাষ্ট্ৰীয় সমিতিয়ে যাকে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব সেইজনে আমাৰ প্ৰাৰ্থী আৰু প্ৰাৰ্থীগৰাকীক জিকাবলৈ আমি ৰণকৌশল তৈয়াৰ কৰিছো । আমাৰ প্ৰাৰ্থী বিপুল ভোটত জিকিব ।" তেওঁ কয়," বিজেপিৰ কাৰ্যকৰ্তাই কাম কৰি আছে । আমি কিমান ভোট পাম সেয়াও ক'ব পৰা যাব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ সকলোৱে বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব ।"

তেওঁ পুনৰ কয় যে বিটিআৰত শান্তি ঘূৰাই আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে প্ৰগতিৰ হকে কাম কৰি আহিছে । ইয়াত এতিয়া দ্ৰুত উন্নয়ন সম্ভৱ হৈছে । এই সকলোবোৰ চাই ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ স্বাৰ্থত বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব । তদুপৰি অহা ১৮ ফেব্ৰুৱাৰী আৰু ২৫ ফেব্ৰুৱাৰীত বিজেপিৰ কাৰ্যকৰ্তাৰ এক সন্মিলন অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ সদৰী কৰে ।

মন্ত্ৰী গৰাকীয়ে কয় যে বড়ো-অবড়ো বুলি বিজেপিত কোনো শব্দ নাই । আমি সকলোৱে ভাৰতীয় বুলি মন্তব্য কৰিছে । বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভত ৰাষ্ট্ৰীয় নেৰ্তৃত্বৰ পৰা কোনোধৰণৰ নিৰ্দেশনা অহা নাই বুলি তেওঁ কয় । ইপিনে, বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ মুকলিৰ পিছতে মন্ত্ৰী গৰাকীয়ে ইউপিপিএলৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকতো অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে কোকৰাঝাৰ আৱৰ্ত ভৱনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে আজিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কাৰ্যসূচীত বিজেপিৰ কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী, গৌতম দাস, ধৰ্মনাৰায়ণ দাস, কোকৰাঝাৰ জিলা বিজেপিৰ সভানেত্ৰী কবিতা বসুমতাৰী, চিৰাং আৰু বাক্সা জিলা বিজেপিৰ সভাপতি আৰু বিজেপিৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:কোকৰাঝাৰত গৰ্জন মুছাহাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা !

ABOUT THE AUTHOR

...view details