ETV Bharat / politics

কোকৰাঝাৰত গৰ্জন মুছাহাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা !

Lok Sabha Election 2024 : কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি দাবী গৰ্জন মুছাহাৰীৰ ৷ প্ৰাৰ্থিত্ব লাভ কৰাটো এশ শতাংশ নিশ্চিত বুলি দাবী কৰে তেওঁ ৷

Lok Sabha Election 2024
গৰ্জন মুছাহাৰীৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 3:49 PM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছৰ হৈ কোকৰাঝাৰত প্ৰাৰ্থিত্ব লাভ কৰাৰ দাবী গৰ্জন মুছাহাৰীৰ

কোকৰাঝাৰ, 12 জানুৱাৰী : কোকৰাঝাৰ লোকসভা সমষ্টিত গৰ্জন মুছাহাৰী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰাৰ্থিত্বৰ দাবী কৰে ৷ কংগ্ৰেছৰ স্ক্ৰীণিং কমিটিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে তেওঁৰ নাম প্ৰথমেই আছে বুলি দাবী কৰে গৰ্জন মুছাহাৰীয়ে ৷ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাটো এশ শতাংশ নিশ্চিত বুলি দাবী কৰি তেওঁ কয় যে, 13-14 ফেব্ৰুৱাৰীত তেওঁৰ নাম দলে আনুষ্ঠানিকভাৱে ঘোঘণা কৰিব ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বি টি চি প্ৰধান প্ৰমোদ বড়ো আৰু বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ গৰ্জন মুছাহাৰীয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান বক্তব্য তেওঁৰ মুখত শোভা নাপায় ৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি প্ৰমোদ বড়োৱে নিজৰ জাতিক আৰু বি টি চিবাসীক পাহৰিব ধৰিছে বুলি মন্তব্য কৰি গৰ্জন মুছাহাৰীয়ে কয় যে, মিছলীয়া দল ইউ পি পি এলৰ প্ৰতি ৰাইজৰ কোনো আস্থা নাই ৷ লগতে বিজেপি দলক এইবাৰ ভোটাৰ ৰাইজে একাষৰীয়া কৰিব বুলিও মন্তব্য কৰে মুছাহাৰীয়ে ৷

আনহাতে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীকো কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেওঁ কয় যে, হাগ্ৰামা মহিলাৰী তথা বি পি এফৰ কোনো স্থিতি নাই ৷ বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ স্থিতি স্পষ্ট নহয় ৷ কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ ইংগিতত উঠা-বহা কৰি কথা কোৱা, কেতিয়াবা সৰ্বানন্দ সোণোৱাল আৰু কেতিয়াবা কোনো আৰ এছ এছৰ নেতাৰ ভৰিত ধৰি লেউসেউ হৈ পৰা হাগ্ৰামা মহিলাৰীৰ গতিবিধিক ৰাইজে বিশ্বাসত লোৱা নাই বুলি কয় তেওঁ ৷

ইফালে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া আৰু কেতিয়াও জয়ী হ’ব নোৱাৰে বুলি উল্লেখ কৰি গৰ্জন মুছাহাৰীয়ে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত এতিয়া লাহে কংগ্ৰেছৰ ঢৌ আহিছে ৷ আজিৰ তাৰিখত নৱ কুমাৰ শৰণীয়াৰ কোনো প্ৰয়োজন নাই, সেয়েহে কংগ্ৰেছৰ বাদে কোনো বিকল্প নাই বুলি মন্তব্য কৰে গৰ্জন মুছাহাৰীয়ে ৷ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিত বি পি এফৰ লগত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি উল্লেখ কৰি সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে গৰ্জন মুছাহাৰীয়ে ৷

লগতে পঢ়ক : নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?