অসম

assam

EVM-VVPAT সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পক্ষেপক অজাপৰ আদৰণি - Lok Sabha election 2024

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 9:16 PM IST

Supreme court notice to ECI: নিৰ্বাচন প্ৰক্ৰিয়াত 100 শতাংশ EVM-VVPAT পৰীক্ষণৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰা কাৰ্যক আদৰণি জনাইছে অসম জাতীয় পৰিষদে ।

LOK SABHA ELECTION 2024
Supreme court notice to ECI

EVM-VVPAT সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পক্ষেপক এজাপৰ আদৰণি

ডিব্ৰুগড়, 3 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন ইতিমধ্যে চমু চাপি আহিছে । অহা 19 এপ্ৰিলত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । ৰাজনৈতিক দলসমূহে ইতিমধ্যে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে । তাৰ মাজতে ডিব্ৰুগড়ত দলৰ জিলা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ইলেক্ট্ৰনিক ভোটিং মেচিন সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে ।

তেওঁ কয় যে যোৱা 1 এপ্ৰিল তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ADR ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি দেশৰ নিৰ্বাচন আয়োগক তিনি সপ্তাহৰ ভিতৰত EVM সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে । EVM সন্দৰ্ভত ভোটাৰ ৰাইজ সজাগ হোৱাৰ দৰকাৰ বুলি উল্লেখ কৰি জিয়াউৰ ৰহমানে সৰ্বোচ্চ ন্যায়ালয়ৰ পদক্ষেপক অসম জাতীয় পৰিষদে আদৰণি জনোৱা বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে নিৰ্বাচনত ভোটগ্ৰহণৰ বাবে ব্যৱহাৰ EVM সন্দৰ্ভত পূৰ্বৰ পৰাই বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছিল । বৰ্তমানৰ শাসকীয় দল বিজেপিয়েও EVM সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰিছিল । বয়োজ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানীয়ে EVM ক লৈ তেওঁৰ সন্দেহ থকা বুলি মন্তব্য কৰিছিল । EVM সম্পৰ্কীয় সকলো অভিযোগ নিৰ্বাচন আয়োগে আওকাণ কৰি আহিছে যদিও বৰ্তমানেও বিভিন্ন আদালতত এই বিষয়ক লৈ বিভিন্ন গোচৰ চলি আছে ।

ইয়াৰ মাজতেই ADR ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ এই নিৰ্দেশনা জাৰি কৰিছে । EVM ৰ সৈতে সংলগ্ন থকা VVPAT মেচিনৰ শ্লিপসমূহ গণনা কৰিব লাগে যদিও সেয়া সম্পূৰ্ণ ৰূপে কৰা নহয় । একো একোটা ভোটকেন্দ্ৰৰ মাত্ৰ 5 শতাংশ VVPAT মেচিনৰ শ্লিপহে গণনা কৰা হয় বুলি কয় জিয়াউৰ ৰহমানে ।

লগতে সম্পাদক গৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে দেশৰ নিৰ্বাচন আয়োগক EVM মেচিনৰ VVPAT গণনা কৰিব পৰা ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা বিষয়টোৱে EVM মেচিনক লৈ উঠা অভিযোগক মান্যতা প্ৰদান কৰিছে ।

লগতে পঢ়ক:কংগ্ৰেছে চৰকাৰ গঠন কৰিলে কি হ'ব ভাবিলেই ভয় লাগে : পীযুষ হাজৰীকা - Lok Sabha elections 2024

ABOUT THE AUTHOR

...view details