মেষ ৰাশি : এই সপ্তাহটো অবিবাহিত লোকসকলৰ বাবে শুভ ৷ বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে । প্ৰেম সম্পৰ্কত কোনো নতুনত্ব নাই । বিবাহিতসকলৰ গাৰ্হস্থ্য জীৱনত তৃতীয় ব্যক্তিৰ বাবে সমস্যাৰ উৎপত্তি হ’ব ৷ আৰ্থিক স্থিতি ভাল । আপুনি বিনিয়োগ কৰিলে লাভজনক হ’ব । কৰ্মক্ষেত্ৰত সুখবৰ লাভ কৰিব । ব্যৱসায়ীসকলৰ বাবে শুভ ৷ উচ্চ শিক্ষাৰ বাবে শুভ ৷ শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি কৰিব । স্বাস্থ্য অলপ দুৰ্বল হ’ব । দৈনন্দিন ৰুটিন পৰিৱৰ্তন কৰক । পৰিয়ালৰ সহযোগিতা লাভ কৰিব । বন্ধু-বান্ধৱীৰ লগত ভ্ৰমণৰ যোগ আছে । ঋণ লোৱাৰ পৰা বিৰত থাকক।
বৃষ ৰাশি : এই সপ্তাহটো আপোনালোকৰ শুভ ৷ প্ৰেম সম্পৰ্ক শুভ । বিবাহিত লোকসকলৰ জীৱনত সুখ-শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সহযোগিতা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিব ৷ ধন সঞ্চয় কৰিবলৈ শিকক ৷ আৰ্থিক দিশত শুভ । ব্যৱসায়ত নতুন লেন-দেন প্ৰাপ্ত কৰিব । কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷ এই সপ্তাহত আপোনাৰ স্বাস্থ্য শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ যদিও, পঢ়াত অন্যমনস্ক হ’ব পাৰে । পৰিয়ালৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰিব লগা হ’ব পাৰে । গৃহ সাজ-সজ্জা আৰু মেৰামতিৰ বাবে আপুনি ধন ব্যয় কৰিব ।
মিথুন ৰাশি : অবিবাহিত লোকসকলে জীৱন সংগী বাছি ল’ব পাৰে ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত তিক্ততা থাকিব । বিবাহিত লোকসকল গাৰ্হস্থ্য জীৱনত সুখী হ’ব । আৰ্থিক দিশত শুভ । ব্যয় অব্যাহত থাকিব। উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷ আপুনি নিজৰ পিতৃ-মাতৃৰ সহযোগিতা লাভ কৰিব । সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰক । ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণৰ যোগ আছে ৷ নিবনুৱাসকলে ভাল কৰ্মসংস্থাপন লাভ কৰিব ।
কর্কট ৰাশি :পৰিয়ালৰ সহযোগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰক । প্ৰেমৰ সম্পৰ্ক সুখৰ হ’ব । এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ। ধন লাভৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতি মজবুত হ’ব ৷ আধৰুৱা কাম সম্পূৰ্ণ হ’ব । চাকৰিয়ালসকলৰ বাবে এই সময়খিনি দুৰ্বল । ব্যৱসায় আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সফল হ’ব ৷ উচ্চ শিক্ষা লাভ কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে শুভ। কোনো ডাঙৰ কৃতিত্ব লাভ কৰিব । স্বাস্থ্যৰ যত্ন লওক।
সিংহ ৰাশি : এই সপ্তাহটো বিবাহিত লোকসকলৰ বাবে শুভ । জীৱন সংগীৰ সৈতে সময় কটাওক । প্ৰেমত সাৱধান হওক ৷ ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ আপোনাৰ ব্যৱসায়ত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । চাকৰিয়াসকলৰ বাবে শুভ। যাত্ৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে । দূৰ-সম্পৰ্কীয় আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব । চাকৰিয়ালসকলে চাকৰি সলনি কৰাক লৈ বিভ্ৰান্ত হ’ব পাৰে । নিজৰ প্ৰিয় কামবোৰ কৰক ৷ মাতৃৰ সংগ লাভ কৰিব।
কন্যা ৰাশি : এই সপ্তাহটো শুভ ৷ পাৰিবাৰিক জীৱনত সুখ বিৰাজ কৰিব । জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কে চিন্তিত হৈ থাকিব পাৰে । প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল নহ’ব । নিবনুৱা লোকে ভাল কৰ্মসংস্থাপন পোৱাৰ যোগ আছে । চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে । ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰয়াস সফল হ’ব । মনটোক চঞ্চল হ’বলৈ নিদিব । ৰাজনীতিত সফলতাৰ সম্ভাৱনা আছে । ভাতৃ-ভগ্নীৰ মাজত চলি থকা বিবাদৰ অন্ত পৰিব । সন্তানৰ ভুল সংগই পিতৃ-মাতৃক অশান্তি দিব পাৰে । সন্তানৰ দাবী পূৰণ কৰক ৷ সন্তানৰ সৈতে সময় অতিবাহিত কৰক ৷