নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দল শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় । অৱশ্যে দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব নোৱাৰিলে । এচিপি অৰোৰাৰ নেতৃত্বত ক্ৰাইম ব্ৰাঞ্চৰ পৰা আহিছিল দলটো ৷ বাহিৰত ১০ মিনিট বহি তেওঁলোক গুচি যায়, কাৰণ অৰবিন্দ কেজৰিৱাল সেই সময়ত বিবাহ অনুষ্ঠানত উপস্থিত থাকিবলৈ গৈছিল । মন্ত্ৰী আতিশীৰ ঘৰলৈও এটা দল গৈছিল বুলি তথ্য পোৱা গৈছে যদিও তেওঁকো ঘৰত পোৱা নগ’ল ।
আপ বিধায়কক ক্ৰয় কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ সৈতে বিষয়টো জড়িত বুলি কোৱা হৈছে । যোৱা ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ আপ চৰকাৰ উফৰাই দিবলৈ বিজেপিয়ে চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিছত পুৱাৰে পৰা গধূলিলৈকে সাধাৰণ নেতাসকলে দলৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদমেল পাতি বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ।
বিজেপিৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিছিল আৰক্ষী আয়ুক্তক: কেজৰিৱালৰ অভিযোগৰ পিছত ৩০ জানুৱাৰীত দিল্লীৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰিবলৈ আহিছিল বিজেপিৰ প্ৰতিনিধি দলৰ সৈতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ । তাৰ পিছত আপ বিধায়কৰ ঘোঁৰা ব্যৱসায়ৰ অভিযোগৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছিল ।