ETV Bharat / bharat

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 5:30 PM IST

AAP protest against BJP: চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ বিৰুদ্ধে আপে দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে এই প্ৰতিবাদৰ নেতৃত্ব দিয়ে । মুখ্যমন্ত্ৰীদ্বয়ে বিজেপিৰ বিৰুদ্ধে গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

Etv BharatAAP protest against BJP
চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিৰ বিজয়ৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 2 ফেব্ৰুৱাৰী : শেহতীয়াকৈ যোৱা 30 জানুৱাৰীত চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপিয়ে আপক পৰাজিত কৰাৰ পিচতেই উত্তপ্ত হৈ পৰিছে ৰাজধানী চহৰ ৷ দিন দুপৰতে বিজেপিয়ে ভোট চুৰি কৰাৰ লগতে নিয়মক অৱমাননা কৰি এই নিৰ্বাচনত জয়লাভ কৰিছে বুলি অভিহিত কৰে আম আদমী পাৰ্টীৰ কৰ্মীসকলে ৷ শুকুৰবাৰে দিল্লীত আম আদমী পাৰ্টিৰ কৰ্মীসকলে ৰাজপথলৈ ওলাই আহি বিজেপিৰ জয়ৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিছিল ।

অৱশ্যে, বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদৰ বিষয়ে নিৰাপত্তাকৰ্মীসকলক পূৰ্বেই অৱগত কৰা হৈছিল, সেয়েহে শুকুৰবাৰে পুৱাৰ পৰা নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছিল । বিজেপিৰ কাৰ্যালয়ত কেইবা পৰ্যায়তো বেৰিকেড দিয়া হৈছিল, যাৰ বাবে আপ নেতা আৰু কৰ্মীসকল বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে।

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কৈছিল যে, যোৱা 30 জানুৱাৰীত হৈ যোৱা চণ্ডিগড় মেয়ৰ নিৰ্বাচনত ভোট চুৰি হৈছিল। এতিয়া ইয়াৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ প্ৰদৰ্শন কৰিবলৈ অহা ৰাইজক বাধা প্ৰদান কৰা হৈছে । আমাৰ প্ৰতিবাদৰ বিষয় হৈছে, নিৰ্বাচনত জয় পৰায়জয় আছেই , কোন মেয়ৰ হ’ব সেই কথাও নহয় ৷ কেতিয়াবা তেওঁলোকে জিকে, কেতিয়াবা আমি জিকিম ৷ কিন্তু এখন দেশত গণতন্ত্ৰক হত্যা কৰিব নালাগে ৷ দেশ আৰু গণতন্ত্ৰ দুয়োটাই প্ৰয়োজনীয়।বিজেপিৰ লোকসকলে দিনৰ পোহৰত গুণ্ডামি আৰু অসততাৰে চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচনত জয়লাভ কৰিছে । যদি সমগ্ৰ দেশে একলগ হৈ তেওঁলোকৰ গুণ্ডামি আৰু অসততা একেলগে বন্ধ নকৰে, তেন্তে ই সমগ্ৰ দেশৰ বাবে অতি বিপজ্জনক।

বিজেপিৰ পাপৰ কলহ ভৰ্তি হৈছে:

কেজৰিৱালে তেওঁৰ ভাষণত উল্লেখ কৰে যে, বিজেপিয়ে ভোটাৰৰ তালিকাৰ পৰা নাম আঁতৰাই দি ভুৱা ভোট দিয়াইছে ৷ আমাক ৰাইজে এনেদৰেই অভিযোগ কৰিছিল, কিন্তু প্ৰমাণ পোৱা নাছিলো ৷ গীতাত এটা শ্লোক লিখা আছে যে, যেতিয়া পৃথিৱীত অন্যায় বহুত বৃদ্ধি পায়, তেতিয়া ন্যায় প্ৰতিষ্ঠা কৰিবলৈ পৃথিৱীলৈ কোনো লোকৰ আৱিৰ্ভাৱ হয় ৷ বিজেপিৰ পাপ অত্যাধিক হৈছে, গতিকে ঈশ্বৰে খোদ পাপ আঁতৰাবলৈ ঝাড়ু চলাব ৷ চণ্ডিগড়ৰ মেয়ৰ নিৰ্বাচন এটা সৰু নিৰ্বাচন আছিল ৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁৰ ভাষণত কৈছিল যে, বিজেপিয়ে মেয়ৰ নিৰ্বাচনত ভোট ডকাইতি কৰিছে । বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে । যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2024 চনৰ লোকসভা নিৰ্বাচনত পুনৰ জয়লাভ কৰে, তেন্তে তেওঁ নৰেন্দ্ৰ মোদী নহয় তেওঁ নৰেন্দ্ৰ পুটিন হ'ব । তাৰ পিচত, যেতিয়ালৈকে তেওঁ জীয়াই থাকিব তেতিয়ালৈকে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিব ।

আনহাতে, দিল্লীৰ মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজে অভিযোগ কৰিছে যে, আপৰ বিধায়ক, কাউঞ্চিলৰ আৰু কৰ্মীসকলক আৰক্ষীয়ে দলীয় কাৰ্যালয়ত উপস্থিত হোৱাত বাধা প্ৰদান কৰিছিল ৷ যেতিয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে কৰ্মীসকলক সম্বোধন কৰি বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাত্ৰা আৰম্ভ কৰিছিল, আৰক্ষীৰ এটা দলে তেওঁলোকক আগবাঢ়ি যোৱাত বাধা দিছিল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীলৈ তেজেৰে চিঠি লিখি অহিন্দু লোকৰ পৰা হিন্দু তীৰ্থস্থান মুক্ত কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.