ETV Bharat / bharat

প্ৰধানমন্ত্ৰীলৈ তেজেৰে চিঠি লিখি অহিন্দু লোকৰ পৰা হিন্দু তীৰ্থস্থান মুক্ত কৰাৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 5:10 PM IST

Letters in blood to PM Modi : তেজেৰে প্ৰধানমন্ত্ৰী মোদীলৈ এখন চিঠি লিখি মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত সমগ্ৰ দেশতে কাৰ্যকৰী কৰাৰ দাবী য়েতি নৰসিংহনন্দ গিৰীৰ। হিন্দু তীৰ্থস্থান যাতে পিকনিক স্পট হৈ নাযায় তাৰ বাবে এই কাম কৰাটো প্ৰয়োজনীয় বুলি তেওঁ কয়। ব্ৰিটিছ যুগৰ নিয়ম কাৰ্যকৰী কৰি হৰিদ্বাৰত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰী ধামীৰ ওচৰত দাবী জনাইছে তেওঁ।

Letters in blood to PM Modi
অহিন্দু লোকৰ পৰা হিন্দু তীৰ্থস্থান মুক্ত কৰাৰ দাবী

নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী : জুনা আখাৰাৰ মহামণ্ডলেশ্বৰ য়তী নৰসিংহনন্দ গিৰীয়ে অহিন্দু লোকৰ পৰা হিন্দু তীৰ্থস্থান মুক্ত কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ধামীলৈ তেজেৰে পত্ৰ লিখিছে ৷ এই পত্ৰত য়েতি নৰসিংহনন্দ গিৰীয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে ৷ য’ত কোৱা হৈছে, ‘হিন্দু তীৰ্থস্থানক পিকনিক স্পট কৰি ল’ব নালাগে ৷ মন্দিৰত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে ৷' একে শাৰীতে য়েতি নৰসিংহনন্দ গিৰীয়ে হৰিদ্বাৰত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী জনাইছে ৷

হৰিদ্বাৰ আৰু অযোধ্যাৰ পৰা আৰম্ভ হওক : উল্লেখ্য যে, আজি সৰ্বানন্দ ঘাটত শিৱশক্তি ধাম দাসনাৰ পীঠাধীশ্বৰ আৰু শপঞ্চদশনামৰ মহামণ্ডলেশ্বৰ য়তী নৰসিংহনন্দ গিৰি মহাৰাজে তেওঁৰ আৰু শিষ্য সকলৰ তেজেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ এখন পত্ৰ লিখিছে ৷ এই সময়ছোৱাত স্বামী সত্যবৃতানন্দ আৰু তেওঁৰ শিষ্য আৰু অন্যান্য সন্তসকলো য়েতি নৰসিংহনন্দৰ সৈতে উপস্থিত আছিল ৷ এই সময়ত মহামণ্ডলেশ্বৰ য়তী নৰসিংহনন্দ গিৰীয়ে কয় যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অহিন্দুসকলক হিন্দু মন্দিৰৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব লাগে ৷ হৰিদ্বাৰ আৰু অযোধ্যাৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰিবলৈ দাবী জনাইছে তেওঁ ৷

মন্দিৰসমূহ ধ্যান আৰু তপস্যাৰ কেন্দ্ৰ হ’ব লাগে : য়েতি নৰসিংহনন্দ গিৰীয়ে কয় যে যেনেকৈ অমুছলমানসকলে মুছলমান ধৰ্মৰ পবিত্ৰ নগৰ মক্কা আৰু মদিনালৈ যাব নোৱাৰে, ঠিক তেনেদৰে পবিত্ৰ অযোধ্যা আৰু হৰিদ্বাৰৰ দৰে পবিত্ৰ তীৰ্থস্থান সমূহত অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে ৷ তেওঁ কয় যে আমাৰ তীৰ্থ কেন্দ্ৰ আৰু মন্দিৰসমূহ ধ্যান আৰু তপস্যাৰ কেন্দ্ৰ হ’ব লাগে, আনন্দ আৰু পৰ্যটনৰ কেন্দ্ৰ নহয় ৷ য়েতি নৰসিংহনন্দ গিৰীয়ে কয় যে অযোধ্যাত শ্ৰীৰামৰ জন্মস্থানত নিৰ্মিত মন্দিৰটো হিন্দুসকলৰ সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক ৷ যদি ইয়াক হিন্দু-মুছলমান ভাতৃত্ববোধৰ প্ৰতীক হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হয় তেন্তে সেয়া হ’ব ধৰ্ম আৰু ইতিহাসৰ প্ৰতি বিশ্বাসঘাতকতা ৷ এই মন্দিৰত অন্য ধৰ্মৰ লোকৰ প্ৰৱেশ যিকোনো মূল্যত নিষিদ্ধ কৰিব লাগে ৷

হৰিদ্বাৰত ব্ৰিটিছৰ নিয়ম কাৰ্যকৰী হ’ব লাগে, অহিন্দুৰ প্ৰৱেশ নিষিদ্ধ হ’ব লাগে : ইয়াৰ লগতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীলৈ তেজেৰে এখন চিঠি লিখি হৰিদ্বাৰত ব্ৰিটিছে কৰা নিয়ম পুনৰ কাৰ্যকৰী কৰাৰ দাবী জনায় তেওঁ ৷ তেওঁ কয় যে ধামীয়ে এই ঐতিহাসিক সুযোগ পাইছে ৷ হৰিদ্বাৰ আৰু দেৱভূমিক অহিন্দু মুক্ত কৰি ধৰ্মৰ এক বৃহৎ সেৱা কৰিব পাৰে বুলি পত্ৰত উল্লেখ কৰিছে তেওঁ ৷

লগতে পঢ়ক : হিমাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাত; বন্ধ প্ৰায় ৭০০ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.