মেষ ৰাশি : সৃজনশীলতাৰে ভৰপূৰ এটা দিন ৷ কবিতা লিখি ভাল পোৱা, ছবি আঁকি ভাল পোৱা সকলৰ বাবে ভাল দিন । ঘৰুৱা পৰিৱেশ প্ৰফুল্লিত হৈ থাকিব; পুৰণা বন্ধুক লগ কৰি অতীত ৰোমন্থন কৰিব পাৰে; সুন্দৰ সময়খিনি উপভোগ কৰক । জ্যেষ্ঠসকলৰ লগত কাম কৰোতে সতৰ্ক হওক; তেওঁলোকক অসন্মান কৰিলে পিছলৈ ভূগিব লগা হ’ব পাৰে । আপোনাৰ বিৰোধীৰ সৈতে মতামতৰ পাৰ্থক্যৰ বাবে ডাঙৰ বিবাদ হ’ব পাৰে; এনে পৰিস্থিতি এৰাই চলক ।
বৃষ ৰাশি : দিনটো সাধাৰণভাৱেই পাৰ হ’ব ৷ বিভিন্ন চিন্তাই আপোনাক জুমুৰি ধৰিব, মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক । অস্থাৱৰ সম্পত্তি সংক্ৰান্তীয় আইনী কাম-কাজ বা লেনদেনৰ পৰা বিৰত থাকক । নিৰাশাবাদী মনোভাৱ পৰিত্যাগ কৰক; আবেলিলৈ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে । উদ্বেগমুক্ত হোৱাৰ পিচত এক আনন্দময় মানসিক আৰু শাৰীৰিক স্থিতি উপভোগ কৰিব পাৰিব । শিক্ষাৰ্থীৰ বাবে ভাল সময়ৰ আৰম্ভণি ৷ সৃষ্টিশীল কামত মনোনিবেশ কৰক । কোনো ধৰ্মীয় কামত অংশগ্ৰহণৰ যোগ ।
মিথুন ৰাশি : আপোনাৰ বাবে আজিৰ দিনটো এটা মিশ্ৰিত দিন হ’ব ৷ পুৱাৰ ভাগত পেচাগত দিশত অতি উত্তম ফল লাভ কৰিব । আপুনি আপোনাৰ প্ৰচেষ্টাত সফল হ’ব আৰু বিৰোধীয়েও পৰাজয় স্বীকাৰ কৰিব । মধ্যাহ্নলৈকে দিনটো আপোনাৰ পক্ষত থাকিব । পিছলৈ গ্ৰহসমূহ অপ্ৰত্যাশিতভাৱে প্ৰতিকূল ৰূপত পৰিৱৰ্তন হ’ব । আপোনাৰ কোনো কামে পৰিয়ালৰ কোনো লোকক অসন্তুষ্ট কৰিব পাৰে । পৰিয়ালকেন্দ্ৰিক বিবাদে ভৱিষ্যতে গম্ভীৰ ৰূপ ধাৰণ কৰিব পাৰে । সেয়ে খং নিয়ন্ত্ৰণত ৰাখক, নহ’লে পিচত আপুনি নিজেই দোষী অনুভৱ কৰিব । মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তাত পেলাব পাৰে । ধৈৰ্য্য নেহেৰুৱাব ৷
কৰ্কট ৰাশি :পৰিয়ালৰ লোকসকলৰ লগত থকা সুন্দৰ সম্পৰ্কৰ বাবে আপোনাৰ আজিৰ দিনটো ভালদৰে পাৰ হৈ যাব । যিকোনো পৰিস্থিতিতে ধৈৰ্য্য ৰাখিব ৷ কিবা হৈ নুঠা কামে আপোনাক খঙাল কৰি তুলিব পাৰে ৷ আজি আপুনি কোনো এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত নহবও পাৰে । আপুনি আৱেগিক আৰু দ্বিধাগ্ৰস্ত হৈ থাকিব পাৰে । তথাপিও দিনটোৰ পিছৰ ভাগলৈ ব্যক্তিগত দিশ উন্নত হ’ব । আপোনাৰ সংবেদনশীলতাৰ বাবে কোনো বন্ধুয়ে আপোনাৰ লগত সমস্যা আলোচনা কৰিব আৰু নিজৰ অন্তৰৰ বোজা কম কৰিব ।
সিংহ ৰাশি : এই ৰাশিৰ লোকসকল জন্মগতভাৱে আত্মবিশ্বাসী হয়, কিন্তু আজি এই আত্মবিশ্বাস অধিক বৃদ্ধি পাব । আপোনাৰ সিদ্ধান্ত লোৱা ক্ষমতা আৰু নেতৃত্ব দিয়া কৌশলৰ বাবে অতি আনন্দদায়ী ফল লাভ কৰিব । সমস্যাসমূহ আপুনি অতি সুন্দৰভাৱে পৰিচালনা কৰিব আৰু চৰকাৰী বিষয় বা সাৰ্বজনিক ক্ষেত্ৰ সম্বন্ধিত কামত ভাল প্ৰদৰ্শন কৰিব । পৰিয়ালৰ লোকৰ সহযোগ থাকিব ৷ ঘৰুৱা বিভিন্ন খৰচৰ বাবে আপোনাৰ ব্যয় বৃদ্ধি পাব ৷
কন্যা ৰাশি : কন্যাৰাশিৰ লোকসকল এনেই আৱেগিক হয়, আজি অধিক আৱেগিক আৰু ভাবুক হৈ পৰিব পাৰে । যত্নৱান হওক, নহ’লে অবাঞ্ছিত ঘটনা সংঘটিত হ’ব পাৰে । আলোচনা আৰু বিবাদৰ পৰা আঁতৰত থকাই উচিত । যিহেতু আজি আপোনাৰ লগত কোনো তাৎক্ষণিক পৰিৱৰ্তন হ’ব পাৰে, আত্মবিশ্বাসী হৈ থাকক আৰু এনে পৰিস্থিতিক শান্ত হৈ পৰিচালনা কৰক । আপোনাৰ সন্মান আৰু মান্যতা বৃদ্ধি হ’ব । আপোনাৰ ক্ৰোধ আৰু সংবেদনশীলতাক নিয়ন্ত্ৰণত ৰাখক ।