বৰপেটাত বনৰৌ উদ্ধাৰ : ন্যায়িক জিম্মালৈ প্ৰেৰণ দুই চোৰাং চিকাৰী

By

Published : Feb 21, 2022, 11:11 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

বৰপেটাৰোডত বন বিভাগ আৰু ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰ'ল ব'ৰ্ডে শনিবাৰে বনৰৌসহ আটক কৰা চোৰাং চিকাৰী দুটাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ দেওবাৰে বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল চোৰাং চিকাৰী দুটাক(Wildlife Predators arrested in Barpeta) ৷ আনহাতে, বনৰৌটো মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে বনবিভাগে ৷ উল্লেখ্য যে, বৰপেটাৰোড বন বিভাগ আৰু ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰ'ল ব'ৰ্ডে শনিবাৰে দুটা চোৰাং বন্যপ্ৰাণী চিকাৰীক এটা বনৰৌ (Pangolin rescued in Barpeta) বিক্ৰীৰ বাবে লৈ যোৱা সময়তে আটক কৰে ৷ আটকাধীন চোৰাং বন্যপ্ৰাণী চিকাৰী দুটা সঞ্জয় বসুমতাৰী আৰু মফিজুদ্দিন ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.