Youth Missing from Bilasipara: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ যুৱক

By

Published : Aug 3, 2022, 9:58 PM IST

thumbnail

বিলাসীপাৰাৰ হাতীপোতাৰ প্ৰথম খণ্ড গাঁৱৰ পৰা এজন যুৱক বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হোৱাত এতিয়া শোকত ভাঙি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো । সন্ধানহীন যুৱকজন জয়নাল আবেদিনৰ পুত্ৰ তালেপ আলীয়ে(২৫) বুলি জানিব পৰা হৈছে ৷ তালেপ আলীয়ে ২৫ জুলাই ঘৰৰ পৰা ওলাই ফকিৰাগ্ৰাম ৰেল ষ্টেচনৰ পৰা গুজৰাটত কাম কৰাৰ উদ্দেশ্য গৈছিল । ঘৰৰ পৰা ওলাই যোৱাৰ ১০ দিনৰ পাছতো পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাত শংকিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ তেওঁলোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষী থানাত(Bilasipara police station) এখন এজাহাৰ দাখিল কৰিছে যদিও আজিকোপতি যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী । যুৱকজনক কোনো সদাশয় ব্যক্তিয়ে দেখা পালে 9101979288 নম্বৰ মোবাইল ফোনত যোগাযোগ কৰিবলৈ অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.