Cattle ladend truck seized: ক্ষেত্ৰীত ৩০ টা গৰুসহ ট্ৰাক জব্দ

By

Published : Jul 13, 2022, 10:29 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে পশু ধনৰ চোৰাং সৰবৰাহ (Illegal cattle smuggling) । ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইন (Assam cattle preservation act 2021) কঠোৰভাৱে বলৱৎ কৰাৰ পিছতো কেইবাটাও চক্ৰই অব্যাহত ৰাখিছে গো-ধনৰ চোৰাং বেহা । মঙলবাৰে মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক তালাচী অভিযানত জব্দ কৰে AS 25 AC 1265 নম্বৰৰ এখন গৰু ভৰ্তি ১২ চকীয়া ট্ৰাক (Truck seized with cattle)। অভিযোগ অনুসৰি ভুৱা নথি-পত্ৰৰে অসাধু চক্ৰটোৱে অসমৰ পৰা মেঘালয় অভিমুখে এখন ট্ৰাকত ত্ৰিশটাৰো অধিক গৰু সৰবৰাহৰ চেষ্টা কৰিছিল । কিন্তু গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গৰু ভৰ্তি ট্ৰাকখনৰ লগতে আকডিল হুছেইন নামৰ এজন যুৱকক সোধপোছৰ বাবে আটক কৰে । সম্প্ৰতি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.