ধুবুৰীত ত্ৰিৰংগ পতাকাৰে উজলিল ব্ৰহ্মপুত্ৰৰ বুকু

By

Published : Aug 14, 2022, 8:08 AM IST

thumbnail

স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi ka Amrit Mahotsav) উদযাপনৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত দেখা গ'ল এক নয়নাভিৰাম নৌকা সমদল ৷ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) কাৰ্যসূচী আৰম্ভ হোৱাৰ দিনটোতে মেৰাইন ইঞ্জিনযুক্ত ৭৫খন সু-সজ্জিত নৌকাই প্ৰায় এঘন্টাৰো অধিক সময় বৰলুইতৰ বুকুত সমদল কৰি বিলাই যায় স্বাধীনতাৰ গৌৰৱগাঁথা (Tricolour boat ride in Brahmaputra) ৷ নদীৰ বুকুত সৃষ্টি হ'ল প্ৰতিজন ভাৰতীয়ক দেশপ্ৰেমৰ অনুভূতিৰে সিক্ত কৰি তুলিব পৰা এক দৃশ্য ৷ মহাবাহুৰ বুকুত দেখিবলৈ পোৱা গ'ল ত্ৰিৰংগ পতাকাৰ লহৰ ৷ ধুবুৰী টাউনৰ কাছাৰী ঘাটৰ পৰা উলিওৱা ত্ৰিৰংগ  নৌকা সমদল আনুষ্ঠানিকভাৱে মুকলি কৰে ধুবুৰী জিলা উপায়ুক্ত অন্বামুথান এম পিয়ে ৷ জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱৰকে আদি কৰি প্ৰশাসনৰ ভালেসংখ্যক উচ্চ পদস্থ বিষয়া উপস্থিত থাকে অনুষ্ঠানটিত । এই সমদলক লৈ ধুবুৰীৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ দেয়া পোৱা যায় ৷ চলাকুৰা চৰত শতাধিক শিক্ষাৰ্থীয়ে জাতীয় পতাকা জোঁকাৰি সমদলটোলৈ সঁহাৰি জনোৱাৰ দৃশ্য আছিল অতিশয় মনোমোহা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.