আকাশত দেখা গ'ল তৰাৰ ৰে'ল : ভিডিঅ' ভাইৰেল

By

Published : Sep 13, 2022, 1:44 PM IST

thumbnail

সোমবাৰে গভীৰ নিশা উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ আকাশত দেখা গ’ল এক অনন্য দৃশ্য(Train of starlink sattellites lights UP sky) । আকাশত একেলগে দেখিবলৈ পোৱা গ'ল উজ্বল তৰাৰ শৃংখলাবদ্ধ গতি ৷ যি এবাৰ ওপৰলৈ গৈছিল আৰু ক্ৰমান্বয়ে তললৈ নামি আহিছিল ৷ এই অলৌকিক ঘটনাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত দেখাৰ দৰে ৰে'লৰ ডবাবোৰৰ দৰে লাইটবোৰ জ্বলি আছিল । দৰাচলতে এইবোৰ আছিল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কৰ ষ্টাৰলিংক উপগ্ৰহ, যিবোৰ সোমবাৰে নিশা ভাৰতৰ আকাশৰ মাজেৰে পাৰ হৈছিল । ইলন মাস্কে প্ৰায় দুমাহৰ মূৰে মূৰে তেওঁৰ ফেলকন-৯(Falcon-9) ৰকেটেৰে এই উপগ্ৰহবোৰ মহাকাশলৈ মুকলি কৰি দিয়ে । এই ৰকেটৰ দুটা পৰ্যায় আছে । সাধাৰণতে প্ৰথম পৰ্যায়টো উৎক্ষেপণৰ ৯ মাহৰ পিছত পৃথিৱীলৈ ঘূৰি আহে । আনহাতে, দ্বিতীয় পৰ্যায়ত ষ্টাৰলিংক উপগ্ৰহসমূহক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হয় । দ্বিতীয় পৰ্যায়ত কিছু সময়ৰ পিছত পুনৰ পৃথিৱীলৈ ক্ৰেচ লেণ্ডিং কৰা হয় । যোৱা বছৰৰ ডিচেম্বৰ মাহত পঞ্জাৱতো দেখা গৈছিল এনেধৰণৰ ষ্টাৰলিংক উপগ্ৰহ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.