ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ মৃত্য়ু

By

Published : Oct 6, 2022, 9:46 PM IST

thumbnail

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হয় এটা এশিঙীয়া গঁড়ৰ (Rhinoceros died in Orang National Park) ৷ উদ্যানখনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হয় গঁড়টোৰ । বুধবাৰে উদ্যানখনৰ পিছলামুখ বন শিবিৰ এলেকাত বনকৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো । পশু চিকিৎসক বাহাৰুল ইছলাম আৰু বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই জনোৱা মতে, বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে গঁড়টোৰ । মৃত গড়টোৰ বয়স আনুমানিক ৪০-৪৫ বছৰ বুলি জানিবলৈ দিয়ে । লগতে পশু চিকিৎসকগৰাকীয়ে কয় যে, বয়স হোৱাৰ বাবেই প্ৰাকৃতিকভাৱে মৃত্যু হৈছে গঁড়টোৰ ৷ ইফালে গঁড়ৰ খৰ্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন সংমণ্ডল বিষয়াগৰাকীয়ে । বুধবাৰে সন্ধিয়া বন বিভাগৰ দল আৰু চিকিৎসকে মৃত গঁড়টোৰ খৰ্গ সংৰক্ষণ কৰাৰ বাবে কাটি লৈ যায় আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.