মৈৰাবাৰীৰ পৰা জব্দ ১২০ টা কফ্ চিৰাফ আৰু ২২০ টা নিচাজাতীয় দ্ৰব্য

By

Published : Jun 24, 2022, 4:23 PM IST

thumbnail

পুনৰ মৰিগাঁও আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে নিশা মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা জব্দ হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী (Operation against narcotics) ৷ মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চাবিৰ আলীয়ে উল্লেখ কৰা অনুসৰি, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নিষিদ্ধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় সন্দৰ্ভত লাভ কৰিছিল এটা খবৰ ৷ সেই খবৰৰ ভিত্তিতেই মৈৰাবাৰী আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে নিশা মৈৰাবাৰী তাতিকটা গাঁও পঞ্চায়তৰ নগৰীয়া বস্তিত চলাই এক অভিযান ৷ এই অভিযানতে আৰক্ষীৰ দলটোৱে নগৰীয়া বস্তিৰ কিতাপ আলীৰ পুত্ৰ কুখ্যাত শ্বহিদুল ইছলামৰ ঘৰৰ পৰা ১২০ টা কফ্ চিৰাফ আৰু ২২০ টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় (Large quantity of narcotic tablets and kapha siraf seized from Moirabari) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত নিচাজাতীয় দ্ৰব্যখিনি মাটিত পুঁতি থৈছিল শ্বহিদুল ইছলামে ৷ উল্লেখ্য যে, আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ঘৰত নাছিল শ্বহিদুল ইছলাম ৷ বৰ্তমান শ্বহিদুলৰ সন্ধানত মৈৰাবাৰী আৰক্ষীয়ে চলাই আছে অভিযান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.