Man-Elephant conflict, বাক্সাত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

By

Published : Aug 12, 2022, 2:31 PM IST

Updated : Aug 13, 2022, 12:46 PM IST

thumbnail

বাক্সাৰ নবস্তি বৰিকাদোঙাত বৃহস্পতিবাৰে নিশা হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় ৷ নিহত লোকজন তৰুণ হালৈ বুলি জানিব পৰা হৈছে ৷ উল্লেখ্য যে, বাক্সা জিলাৰ উত্তৰ অঞ্চলত দিনক দিনে হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে(Assam faces rising human-elephant conflict) । বিগত কিছুদিন ধৰি জিলাখনৰ ভূটান খুটি, উত্তৰকুছি, সুৱনখাটা আদি অঞ্চলত হাতীয়ে উপদ্ৰৱ চলাই বহু পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে(Man-Elephant Conflict in Assam) ৷ ইয়াৰ মাজতেই বৃহস্পতিবাৰৰ নিশা বাক্সাৰ নবস্তি বৰিকাদোঙাত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তৰুণ হালৈ নামৰ লোকজনৰ লগতে আন এটা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে । বন্যহস্তীটোৱে তৰুণ হালৈকো ঘৰৰ পৰা উলিয়াই আনি ভৰিৰে গছকি গছকি হত্যা কৰে(One die in Elephant attack in Baksa) ৷ পিছত স্থানীয় ৰাইজে জুই জ্বলাই চিঞৰ বাখৰ কৰি হাতী দুটাক খেদি আসন্ন বিপদৰ পৰা কথমপি ৰক্ষা পৰে ।

Last Updated : Aug 13, 2022, 12:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.