World Tourism Day 2022 : পৰ্যটনৰ অপৰূপ সমলেৰে ভৰপূৰ সত্ৰনগৰী মাজুলী

By

Published : Sep 27, 2022, 10:16 PM IST

thumbnail

আজি বিশ্ব পৰ্যটন দিৱস (World Tourism Day 2022)। ১৯৮০ চনৰ পৰা ২৭ ছেপ্টেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে উদযাপন কৰি অহা হৈছে । অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনত মাজুলীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । যোৱা দুটাকৈ বছৰ ক’ভিড মহামাৰীৰ বাবে পৰ্যটন ক্ষেত্ৰখন মৃতপ্ৰায় অৱস্থাত আছিল বুলি ক’ব পাৰি ৷ কিন্তু এই মহামাৰীৰ প্ৰভাৱ কিছু পৰিমাণে সাম কটাৰ পাচত যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটিছে অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰৰ লগতে সত্ৰ নগৰী মাজুলীলৈ । এয়া পৰ্যটন ক্ষেত্ৰখনলৈ অতি সুখবৰ । মাজুলীলৈ সকলো মাহতে কম বেছি পৰিমাণে পৰ্যটক আহিলেও বিশেষকৈ মাজুলীত নৱেম্বৰ মাহৰ পৰাই পৰ্যটকসকলৰ ভিৰ দেখিবলৈ বেছিকৈ পোৱা যায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.