Massive Fire in Bilasipara: বিলাসীপাৰাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

By

Published : Feb 8, 2022, 2:17 PM IST

thumbnail

বিলাসীপাৰা চহৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Massive Fire in Bilasipara) ৷ সোমবাৰে নিশা চহৰখনৰ ১২ নং ৱাৰ্ডস্থিত গাখীৰ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে প্ৰায় ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংসস্তুপত পৰিণত হয় ৷ বজাৰ খনৰ এখন প্লাষ্টিক দোকানত শ্বৰ্ট চাৰ্কিট হয় বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে (Major fire broke out due to short circuit) ৷ ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় (Bilasipara fire incident) ৷ অগ্নিকাণ্ডই ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাত পিছত চাপৰ,সাপটগ্ৰাম আৰু ধুবুৰীৰ পৰা ৭খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.