Lockdown in Barpetaroad : প্ৰশাসনক উদ্ধাৰ কৰাৰ বাবে আহ্বান বৰপেটাৰোডবাসীৰ

By

Published : Aug 3, 2022, 9:49 PM IST

thumbnail

বৰপেটাৰোডত আকৌ লকডাউন ৷ লকডাউনে ৰাইজক খুৱাইছে জলাকলা (Lockdown in Barpeta) । বৰপেটাৰোড চহৰত এই লকডাউনৰ ফলত ব্যৱসায়ীসকলৰ লগতে সাধাৰণ ৰাইজ বিষম সমস্যাত পৰিছে ৷ পিছে এই লকডাউন কিন্তু প্ৰশাসনৰ তৰফৰ দিয়া নাই ৷ এই লকডাউন দিছে এটা প্ৰকাণ্ড ষাঁড় গৰুৱে ৷ এই ষাঁড় গৰুটোৱে বৰপেটাৰোড চহৰত মাজে সময়ে ইমানেই তাণ্ডৱ চলাই যে বৰপেটাৰোডৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহে দোকান-পোহাৰসমূহ বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ফলত চহৰবাসীয়ে ষাঁড় গৰুটোৰ নাম ৰাখিছে লকডাউন ৷ লকডাউন নামৰ প্ৰকাণ্ড ষাঁড় গৰুটোৱে সততে অতি ব্যস্ত বৰপেটাৰোডৰ ৰাজপথত নিৰ্বিঘ্নে ঘূৰি ফুৰে ৷ মন গ’লে কেতিয়াবা যদি মানুহক দৌৰায়, কেতিয়াবা আকৌ ৰাজপথত চলাচল কৰা ই-ৰিক্সা বগৰাই দিয়ে ৷ আন কেতিয়াবা আকৌ ভাঙি পেলায় দোকানৰ বিভিন্ন সা-সামগ্ৰী ৷ ফলত চহৰখনৰ যিফালেই যায় ষাঁড় গৰুটো তাতেই লকডাউনৰ দৰে পৰিস্থিতি হৈ পৰে ৷ সেয়ে এই লকডাউনক অতি শীঘ্ৰে আটক কৰি ৰাইজক সন্ত্ৰাসৰ পৰা মুক্ত কৰিবলৈ প্ৰশাসন তথা বৰপেটাৰোড পৌৰসভাৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে(Barpeta Local people urge to District Administration) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.